যাত্রাৰ শেষত (১০)
✍পৰিমিতা গোস্বামী
আজিকালি মানুহৰ কৰ্ম ব্যস্ততা বহুত বেছি । নিজৰ চাকৰি , ব্যৱসায়ৰ উপৰিও ব্যক্তিগত কামৰ বাবে যিমান আপোন হ'লেও কোনেও কাৰো লগত বিশেষ সময় দিব নোৱাৰে । কাৰো ঘৰত নেৰানেপেৰাকৈ লাগি থাকিব পৰাকৈ আহৰি নাই । নিকিতা , অংশুহতঁৰ আপোন বুলিবলৈ খুৰাক , বৰদেউতাকৰ পৰিয়ালৰ মানুহ যথেষ্ট আছে। কিন্তু প্ৰত্যেকৰে ব্যস্ততা বহুত । ব্যস্ততাবোৰ সকলো মানুহৰে আগতকৈ বেছি হ'ল । বিশেষকৈ ল'ৰা-ছোৱালীৰ লগত সময় দিওঁতেই বাকী সকলো একাষৰীয়া কৰি থবলৈ বাধ্য। আগৰ মানুহে ল'ৰা-ছোৱালী স্কুলত দি'ব পৰা হ'লেই এদিন গৈ নামটো লিখাই আহিব আৰু খুব বেছি এদিন গৈ স্কুললৈ অহা-যোৱা কৰা বাটটো চিনাকি কৰি থৈ আহিব । তাৰ পাছত ল'ৰা- ছোৱালীয়ে নিজে নিজে স্কুললৈ অহা-যোৱা কৰি থাকে। ল'ৰা-ছোৱালীয়ে কি পঢ়িছে , কিমান আগবাঢ়িছে তাৰ ভূ নাপায়ও, নলয়ও। আজিকালি তেনে নহয়। ল'ৰা-ছোৱালীক স্কুলত নাম লগোৱাৰ লগে লগে মাক-দেউতাকৰ দৈনন্দিন কামৰ তালিকাখনত আৰু দুটা কামৰ অন্তৰ্ভুক্ত হ'য়। ল'ৰা-ছোৱালীক স্কুলত থোৱা আৰু সময় মতে স্কুলৰ পৰা অনা । কাটাই কাটাই ৮-৩০ বজাত স্কুলৰ গেটত নমোৱা আৰু ২ বজাত স্কুলৰ গেটত চমজিলৈ ঘৰলৈ অনা। আৰু অলপ ডাঙৰ হোৱাৰ পাছত স্কুললৈ অনা-নিয়াৰ উপৰিও টিউচন, নাচৰ ক্লাছ, গানৰ ক্লাছ, ছবিৰ ক্লাছ আদি কৰি তালিকাখনত নতুন নতুন কামৰ সন্নিবিষ্ট হৈ গৈ থাকে । এনেকৈয়ে মাক-দেউতাকৰ কামৰ লিষ্টখন বাঢ়ি বাঢ়ি গৈ থাকে। ঘৰুৱা কাম-কাজ, চাকৰি, ব্যৱসায়, চম্ভলাৰ লগতে এই সকলোবোৰ চম্ভালি নিজৰ সংসাৰখন সুচাৰু ৰূপে চলায় নিয়াটোৱেই ডাঙৰ কথা হৈ পৰে । তাৰ মাজত আনক সময় দিব লগা হ'লে, আনৰ লগত খাটিব লগা হ'লে কিমানবোৰ যোগ-বিয়োগ কৰি মিলাব লগা হয় সেই কথা নিকিতাই ভালকৈয়ে বুজি পায় । তাইৰ নিজৰো সেই একেই আৱস্থা । তথাপি পৰিয়ালৰ মানুহবোৰৰ হতুৱাই কামবোৰ কৰাব লাগিব । নিকিতাই কাক ক'ব মনতে জুকিয়াই চালে ।
সন্ধিয়া পৰিয়ালৰ সকলো মানুহ গোট খালেহি। দিনৰ কামবোৰ কেনেলৈ হ'ল ? সকলো ঠিকে ঠাকে হ'লনে? কালিলৈ পুৰোহিত আহিবনে ? কি ক'ত কৰিলে, কি ক'ত কৰিব লাগিব ? আদি সকলোবোৰ কথা আলোচনা হ'ল । কথাৰ মাজতে পুৰোহিতে চতুৰ্থাৰ বাবে বজাৰ কৰিব লাগিব বুলি কোৱা কথাষাৰো নিকিতাই উলিয়ালে । নয়নে একেষাৰে ক'লে
:: পুৰোহিতৰ পৰা লিষ্টখন লৈ ল'বি , ময়ে কৰি দিম বজাৰখিনি ।
নিকিতা একপ্ৰকাৰ নিশ্চিন্ত হ'ল। তাৰ পাছত সকাম কেনেকৈ পতা হ'ব অনুষ্টুপীয়াকৈ নে বাহুল্য কৈ পতা হ'ব । খা-খৰচ কেনেকৈ কৰা হ'ব সেই বিষয়েও আলোচনা হ'ল ।
:: সকাম ভাগ অনুষ্টুপীয়া কৈয়ে পাতিব লাগে বৰ বাহুল্য কৰিব নালাগে , তই কি ক'ৱ নিকি ?
আলোচনাৰ মাজতে নয়নদাই ক'লে ।
:: মইও তাকেই ভাৱিছোঁ নয়নদা । খা-খৰচতকৈও কৰ্মী মানুহৰ অভাৱৰ বাবেই সকামভাগ অনুষ্টুপীয়াকৈ পতাটোৱেই ভাল হ'ব। বিধি সন্মত কামবোৰ খুট নথকাকৈ কৰিলেই হ'ল।
এতিয়া আহিল খা-খৰচৰ কথা ।আজিকালি সামান্যকৈ পাতো বুলিলেও যথেষ্ট খৰচ হয়। ৰভা এখনটো লাগিবই ।সৰুকৈ দিলেও দহ, বাৰ হাজাৰ টকাৰ কম নহ'ব। পুৰোহিতৰ দান দক্ষিণা , বৰৰ বস্তুকে আদি কৰি মোটা অংকৰ খৰচ এটাই হ'বগৈ । খা খৰচৰ কথাবোৰৰ মাজলৈ অংশুক অনা নাই ।ককায়েক ভায়েকহঁতৰ সৈতেহে নিকিতাই আলোচনা কৰিছে। ল'ৰাটো ডাঙৰ হৈছে যদিও খা খৰচ , টকা পইচাৰ বিষয়ে কথা পাতিব পৰাকৈ ইমানো ডাঙৰ হোৱা নাই। মাকৰ আঁচলৰ আঁৰত ডাঙৰ হোৱা ল'ৰা। তাক এইবোৰৰ মাজলৈ আনিলে ভাল নহ'ব বুলিয়েই নিকিতা , নয়নহঁতে ভাবে। এনেইও তাৰ ভৱিষ্যতটো সমস্যাৰে ভৰা হ'ব । এইবোৰ আলোচনাৰ মাজতে নিকিতাৰ বৌয়েক আৰু অংশুৰ বৰমাক এগৰাকীয়ে মাত লগালে।
:: অংশুৰ মাকৰ স্কুল ফাণ্ডত জমাহৈ থকা পইচাখিনিও পাব নহয়। তাৰ লগতে অলপ টকা ধাৰলৈ লৈ সকামটো পাৰ কৰক । তাৰ পাছত মাকৰ পইচাখিনি পালে লাহে লাহে ধাৰটো মাৰি দিব পাৰিব । তাত উপস্থিত থকা সকলোৱে তেওঁৰ মুখলৈ তধা লাগি চালে। বৌয়েকৰ এই পৰামৰ্শটো নিকিতাৰ লগতে কাৰোয়েই মনঃপুত নহ'ল। মুঠেই ভাল নালাগিল। কাৰণ খা খৰচৰ ভূ নোপোৱা ল'ৰাটোৰ টেটুত আকৌ ধাৰ এসোপা লগাই মাকৰ সকাম পাতিবলৈ দিলে কেনেকুৱা হ'ব বাৰু !মাকৰ পাব লগীয়া পইচাখিনি পাবলৈকে যথেষ্ট সময় লাগিব। সেইখিনি সময়ত নাতিয়েক আইতাকক চলিবলৈও পইচা লাগিব । ল'ৰাটোৰ পঢ়াৰ খৰচো মিলাব লাগিব । সিমানখিনি বোজা সেই অকণমানি মগজুটোৱে ব'ব পাৰিবনে! নিকিতাই মুখেৰে একো নামাতিলে। ওচৰত থকা বাকী সকলেও বৌয়েক গৰাকীৰ কথাত হা না একো মন্তব্য নিদিলে । সকামৰ খৰচৰ কথাটো পিছলৈ থৈ চতুৰ্থাৰ বাবে প্ৰয়োজনীয় বস্তুৰ বজাৰ কৰা , সেইদিনা শ্মশানলৈ যোৱা আৰু ঘৰলৈ অহা মানুহখিনিক চতুৰ্থালৈ নিমন্ত্ৰণ দিয়া কামটোকে সদ্যহতে হওক বুলি কৈ সেইদিনাৰ আলোচনা সিমানতে সামৰিলে। অংশুৱে সকলোৰে কথাবোৰ মনে মনে শুনি আছিল । খা খৰচৰ কথাবোৰ শুনি সি পেটে পেটে অলপ ভয়ো খালে । কি হ'ব ? কি কৰিব ? সি একোৰে ভূ পোৱা নাই । তেতিয়ালৈ ৰাতি ভালেমান হ'ল । ককাই ভাই পৰিয়ালৰ মানুহবোৰ সকলো ঘৰা-ঘৰি গ'লগৈ । নিকিতাই তেওঁলোকক আগবঢ়াও বুলি লগতে ওলায় গ'ল ।
( আগলৈ)
No comments