Breaking News

যাত্রাৰ শেষত (১৩)



পৰিমিতা গোস্বামী 

     সময় গতিশীল। সময়ৰ দুৰ্নিবাৰ গতিত দিনবোৰ কেনেকৈ পাৰ হৈছে টলকিবই পৰা নাই । চতুৰ্থা চতুৰ্থা কৰোঁতে চতুৰ্থাৰ কামখিনি কোনো কোঁহ কাল নোহোৱাকে সুচাৰুৰূপে, সুকলমে পাৰ হ’ল। । মাক-দেউতাকক অকালতে হেৰুৱা ল’ৰাটোক সহৃদয়তাৰে এষাৰ মাত লগোৱাটো আত্মীয়-স্বজন, বন্ধু-বৰ্গ সকলোৰে দায়িত্ব আৰু কৰ্ত্তব্য বুলি ভাৱিয়েই হয়তো  চতুৰ্থাৰ দিনাৰে পৰা খবৰ লোৱা মানুহৰ সোঁত বলিবলৈ ধৰিলে । সেই সোঁতত নিকিতাই তড়িৎ গতিৰে চলাই নিছে নাও । দুখ কি ? শোক কি ? মনত পেলাবলৈ আহৰি নাই । সকলোকে সন্তুষ্ট কৰিব পৰাকৈ হাঁহি মাতি কথাপাতি সাধ্যানুসাৰে শুশ্ৰূষা কৰিছে। যোৱাৰ সময়ত ক’বলৈ পাহৰা নাই “ শ্রাদ্ধৰ দিনা খন্তেক দেখা দি ল’ৰাটোক উদ্ধাৰ কৰি বহি”। 

     চতুৰ্থাৰ দিনাৰ পৰা অংশুৰ মোমায়েকৰ ঘৰৰ মানুহবোৰ অহা-যোৱা কৰি থকাৰ বাবে তাই অলপ সকাহ পাইছে যদিও ঘৰৰ মানুহ হিচাবে তাইকেই সকলোৱে বিচাৰে । সকলো কামতে চকু দিব লগা হয় নিকিতাই , সকলোৰে লগত সময়ো দিব লগা হয় নিকিতাই । সময়বোৰ কেনেকৈ পাৰ হৈছে গমেই পোৱা নাই । 

    লাহে লাহে শ্ৰাদ্ধৰ ওচৰ চাপি আহিল। শ্ৰাদ্ধলৈ তিনি দিন থাকোতে নিকিতাৰ গিৰীয়েক ল’ৰা-ছোৱালী দুটাক লৈ শ্ৰাদ্ধলৈ বুলি আহিল। নিকিতাৰ কামবোৰ ভাগ-বটোৱাৰা কৰা মানুহ এজনৰ বৰ প্ৰয়োজন হৈছিল । গিৰীয়েক অহাৰ পৰা সেই অভাৱ অন্ততঃ দূৰ হ’ল। 

    নয়নৰ নিৰ্দেশক সন্মান জনায় চতুৰ্থাৰ পাছৰে পৰা পৰিয়ালৰ সকলো শ্ৰাদ্ধৰ কামত হাতে-কামে লাগি গ’ল । তেওঁলোকৰ লগত চামিল হ’ল অংশুৰ মোমায়েকৰ পৰিয়াল । সকলো যা-যোগাৰ অংশুৰ মোমায়েক, পেহাক-পেহীয়েক আৰু পৰিয়ালৰ সকলোৰে সহযোগত অতি সহজতেই হৈ গ’ল । নিঠৰুৱা ল’ৰাটোক খা-খৰচ একোৰে ভূ নিদিয়াকৈ সকলো যোগাৰ কৰি শ্ৰাদ্ধ ভাগ পাতি দিয়াত‍ো মহানুভৱতাৰ কাম হ’ব বুলি সকলোৱে উৎসাহেৰে আগবাঢ়িল । শ্ৰাদ্ধৰ অগদিনা পৰিয়ালৰ সকলো গোট খালে। নয়নে  পুৰোহিতৰ লিষ্ট, কাৰিকৰৰ লিষ্টৰ মতে সকলো বস্তুৰ যোগাৰ হ’লনে নাই পুনৰ এবাৰ হিচাব কৰি চালে । কোনো খুত নথকাকৈ যাতে সকলোবোৰ বস্তু গোট খাই সেই বিষয়ে নয়নে অধিক গুৰুত্ব দিলে ।  

    বিধি অনুসৰি এঘাৰ দিনত অংশুৰ মাকৰ শ্ৰাদ্ধ অনুষ্ঠিত হ’ল। শ্ৰাদ্ধৰ দিনা পিণ্ডৰ কাম পাকঘৰৰ মজিয়াত হয়। ভাতৰ পিণ্ড দিয়া নিয়ম। সেই পিণ্ডত মৃতকে ভাল পোৱা সকলো বস্তু দিয়া হয়। পিণ্ডৰ কাম কৰি থাকোতে মাকে ভাল পোৱা বস্তুবোৰ ভাগে ভাগে দিওতে অংশুৱে বাৰে বাৰে চকুৰ পানী তুকিছে । তাৰ মনত এটা কথাই খুন্দিয়াই আছে । এইবোৰ কাৰ বাবে কৰিছে ? তাৰ মাক জানো আহিব ? তেওঁ ভাল পোৱা বস্তুবোৰ খাবলৈ ? নে তাৰ মাকক অন্তৰৰ পৰা বিদায় দিবৰ বাবেই এই আয়োজন। সি শ্ৰাদ্ধৰ মন্ত্ৰ একো এটা মাতিব পৰা নাই। কেৱল পুৰোহিতৰ নিৰ্দেশ মতে যি য’ত দিব লাগে দি গৈছে মুক বধিৰৰ দৰে। এটা সময়ত শ্ৰাদ্ধৰ কাম শেষ হ’ল । পিণ্ডৰ বস্তুখিনি নদী বা অন্য পানী থকা ঠাইত পেলাবগৈ লাগে। যাতে বস্তুখিনি ইতৰ প্ৰাণীৰ আহাৰ হয়। হয়তো ইতৰ প্ৰাণীয়ে গ্ৰহণ কৰিলেই মৃতকে গ্ৰহণ কৰাৰ দৰে হয়। পিণ্ডৰ বস্তুখিনি গোটাইলৈ অংশুৱে পেলাবলৈ লৈ গৈছে ,তাৰ মনত এনে ভাৱ হৈছে সি যেন তাৰ মাকক অন্তিম বিদায় দিছে। পিণ্ডৰ বস্তুখিনি পানীত পেলাই লৈ সি হিয়া উজাৰি কান্দিছে । প্ৰাণ কাতৰে মাকক চিঞৰি চিঞৰি মাতিছে । তাৰ চিঞৰত উপস্থিত সকলো শোকত ভাগি পৰিছে। সেই সময়ত তাক বুজাব পৰাকৈ কাৰো সাহসো নাই , ভাষাও নাই। এটা সময়ত সি নিজে নিজেই কান্দোন সামৰি ঘৰলৈ আহিলে । 

     অংশুৰ মাকৰ শ্ৰাদ্ধ ভাগ কোনো অসুবিধা নোহোৱাকৈ সুকলমে হৈ গ’ল। শ্ৰাদ্ধ ভাগ ভালে ভালে হৈ যোৱাৰ বাবে আটাইতকৈ সুখী হ’ল নয়ন । যিহেতু তেওঁৰ নিৰ্দেশ ভাই-ককাই  সকলোৱে আখৰে আখৰে পালন কৰিলে । বাকী থাকিল মৎস্য স্পৰ্শৰ কামটো । সেইটো কামো তেওঁলোকে অলপো খুত নথকাকৈ কৰি দিলে। তেৰ দিনত মৎস্য স্পৰ্শৰ কৰি ভকত-সজ্জনক এসাজ খুৱাই , দান দক্ষিণা সকলো দি অংশুক এই সংকটৰ পৰা উদ্ধাৰ কৰিলে । অংশু সকলোৰে ওচৰত কৃতজ্ঞ হৈ ৰ’ল। 

  ( আগলৈ )

No comments