যাত্রাৰ শেষত (১২)
পৰিমিতা গোস্বামী
দিনটো বোকোচাত ভাৰবৈ পুৱতি চৰাইজাকে কো-কা, কো-কা কৈ বিলৰ সন্ধানত উৰা মাৰিলে । সিহঁতৰ সুমধুৰ কলৰবত নিকিতা আৰু শুই থাকিব নোৱাৰিলে । পোনছাটেই শোৱা পাটি এৰি বাহিৰলৈ ওলায় গ’ল । বাৰাণ্ডাৰ পৰাই চোতালৰ তুলসী জোপাৰ তলত চাৰিটা খুঁটিৰ মাজত বগা সূতাৰে মেৰিয়াই চিন লগায় থোৱা ঠাইখন দেখি তাইৰ মনটো মোচৰ খাই গ’ল । বুকুৰ ভিতৰ খনত হেন্দোলনি তুলি এসাগৰ পানী দুটা ধাৰহৈ দুচকুৱে বৈ আহিল । বৈ অহা চকুৰ পানীখিনি চাদৰৰ আচলৰে মচিলৈ নঙলামুখৰ ফালে আগবাঢ়ি গ’ল । অপ্ৰত্যাশিতভাৱে হীৰুদাৰ কবিতাৰ পংক্তি এটাই তাইৰ মনত দোলা দি গ’ল---
ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে?
শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে।
কবি মই নাছিলোঁ কোনো কালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে ।
কবি মই নাছিলোঁ কোনোকালে।
প্ৰিয় কবি গৰাকীৰ কবিতাৰ পংক্তিয়ে চিৰন্তন সত্যটোক মানি ল’বলৈ সহজ কৰি তুলিলে। “ কবিতা পঢ়ি পাহৰিব পাৰি দুখ”। কথাষাৰৰ সত্যতা তাইৰ আজি প্ৰমাণ হ’ল। অতি সহজভাৱেই তাই নঙলামুখৰ পৰা উভতি আহিল।
পুনৰ গতানুগতিকতাৰ মাজত নিজকে নিবদ্ধ কৰিলে তাই । গা-ধুই পাকঘৰ সোমোৱা, পুৰোহিতৰ যোগাৰ দিয়া , অংশু আৰু মাকৰ তদাৰক কৰা আদি কামত ব্যস্তহৈ পৰিল। নিৰ্দিষ্ট সময়ত পুৰোহিত আহিল। পুৰোহিত অহাৰ লগে লগে অংশু তৃতীয় দিনৰ পিণ্ড দিবৰ বাবে সাজু হ’ল। পিণ্ডৰ বাবে দৰকাৰী বস্তু কেইটা গোটাই লৈ দুয়ো পিণ্ড দিয়া ঠাই পালেগৈ। পুৰোহিত অহা গ’ম পাই নয়ন পিণ্ড থলিলৈকে গ’ল। পুৰোহিতৰ লগত তাতে কথা বতৰা হ’ল। চতুৰ্থাৰ বাবে কি কি সামগ্ৰীৰ প্ৰয়োজন হ’ব তাতে সোধি-পোছিলৈ লিষ্ট এখন কৰি ল’লে। ভিতৰলৈ আহি খুড়ীয়েক আৰু নিকিতাক মাত লগাই গ’ল গৈ। আবেলি বজাৰ কৰি আনি বেগটো নিকিতাৰ হাতত দি থৈ গ’লহি। নিকিতাই ক’লে,
:: তই বজাৰ কৰি আনিলিগৈয়ে , পইচা পাতি একো দিয়াই নহ’ল নহয় ! ক’ চোন কি দিব লাগিব ।
::এতিয়া হ’বচোন দে মই সন্ধ্যা আহিম নহয় তেতিয়া দিবি।
নয়ন লৰা-লৰিকৈ গ’লগৈ।
সন্ধ্যা পৰিয়ালৰ সকলো একে লগ হ’ল । সকলোৱে দিনটোৰ কাম-কাজৰ খা-খবৰ ল’লে। নিকিতা, অংশু আৰু মাক সকলো একেলগে বহি অতি স্বাভাৱিকভাবেই ইটো-সিটো কথা পাতিলে। দুখ বেজাৰবোৰ সামৰি সহজ হৈছে তেওঁলোক । সকলোৱে নিকিতাৰ মাকৰ স্বাস্থ্যৰ খবৰ ল’লে। খোৱা-বোৱা কৰিছেনে? তাৰো খবৰ ল’লে । খোৱা-বোৱা নকৰি যদি মানুহগৰাকী দুৰ্বল হৈ পৰে তেনেহ’লে তেওঁৰ শাৰীৰিকভাৱে অসুস্থ হৈ পৰিব । এই সময়ত তেওঁ অসুস্থহৈ পৰিলে সকলোৰে অসুবিধা হ’ব । তেওঁক সকলোৱে বুজাই বঢ়াই কথাবোৰ সহজকৈ ল’বলৈ বাধ্য হৈছে।
সকলোৰে সাক্ষাৎত নয়নে সকামটো কেনেকৈ পতা হ’ব সেই বিষয়ে উলিয়ালে। নয়ন যিহেতু পৰিয়ালৰ আটাইতকৈ ডাঙৰ; তেৱেঁই বংশ পৰম্পৰা, নীতি নিয়মৰ পৰা সকলো কথা জানে। সেয়ে তেওঁ কথাষাৰৰ আঁত ধৰিলে । কথাৰ মাজতে কোনোবা এজনে সোধিলে ,
:: কালিলৈ চতুৰ্থাৰ বাবে দৰকাৰী বস্তু কেইটা অনা হ’লনে ?
নিকিয়ে লগে লগে মাত লগালে,
:: উম হ’ল, নয়নদাই আবেলিতে বজাৰ কৰি আনি দি থৈ গ’ল । পইচাটোহে দিয়া হোৱা নায়।
নিকিতাৰ কথাত নয়নে মাত লগালে, :: সেইটো পইচা তইোক দিব নালাগে । অংশু তোৰ যেনেকৈ ভতিজা তেনেকৈ মোৰো ভতিজা । সকলোৱে খা-খৰচ কৰি সকামটো পাতি তাক এই বিপদৰ পৰা উদ্ধাৰ কৰিবহে লাগে । নে তহঁতে কি ক’ৱ ? এনে এটা প্ৰশ্নৰে নয়নে পৰিয়ালৰ সকলোৰে মাজলৈ কথাটো ঠেলি দিলে । নয়নৰ কথাত সকলোৱে সহমত আগবঢ়ালে।
কিবা এটা কাম-সকাম পাতিবলৈ হ’লে প্ৰথমেই এখন বাজেট প্ৰস্তুত কৰি ল’ব লাগিব ।কিমান পৰিমাণৰ খৰচ কৰি সকাম ভাগ পাতিলে নিয়মৰ কাম খিনিও সুচাৰু ৰূপে হ’ব আৰু খৰচৰ বোজাটোও সহজ সাধ্য হ’ব । তেনে এখন বাজেট সকলোৰে সন্মতি অনুসৰি প্ৰস্তুত কৰি ল’লে । বাজেট অনুসৰি খৰচৰ অংকটো মিলাবলৈ সকলোৰে লগত আলাপ আলোচনা আৰু বুজা বুজিৰ মাজেৰে আগবাঢ়িব লাগিব।
:: অংশুৰ মাকৰ সকামভাগ অংশুৱে ধাৰৰ বোজা এটালৈ পাতিব নালাগে । তাৰ মাক-বাপেক নাই সঁচা । কিন্ত্ত আমি ইমান ডাঙৰ বংশটো আছোঁ, ককাই-ভাইবোৰ আছোঁ। আমিয়েই খৰচ কৰি তাৰ মাকৰ শ্ৰাদ্ধ ভাগ পাতি দিব নোৱাৰো নে? সেইটোহে আমাৰ কৰ্ত্তব্য হ’ব । নে তহঁতৰ কিবা আপত্তি আছে? নয়নে এক প্ৰকাৰ নিৰ্দেশৰ সুৰতেই কথাষাৰ সকলোৰে মাজলৈ এৰি দিলে । নয়নৰ কথাষাৰত কোনেও আপত্তি নকৰি সকলোৱে সন্মতি জনালে। সকলোৱে যেন তেনেকুৱা এষাৰ কথালৈ বাট চাইহে আছিল । নয়নে ইয়াকো ক’লে , :: পিছত মাক-বাপেকৰ বাৰ্ষিক কৰ্মবোৰ সি কেনেকৈ পাতে পাতিব । তাৰ বাবেও যদি তাক সহায়ৰ প্ৰয়োজন হয় তাকো সকলোৱে কৰিব লাগিব । মুঠতে তাক অকলশৰীয়া বুলি ভাৱিবলৈ সুযোগ দিব নালাগে ।
পৰিয়ালৰ ডাঙৰ হিচাবে এনে এষাৰ মন্তব্যই নয়নক মহান কৰি তুলিলে । নয়নৰ এই কথাষাৰে নিকিতাক সাহস দিয়াৰ লগতে সকলো দুঃচিন্তা দূৰ কৰিলে ।
( আগলৈ )
No comments