যাত্রাৰ শেষত (১১)
✍পৰিমিতা গোস্বামী
জোনটোৱে দীঘল বেঙা মেলি চোতাল পাৰ হৈ বাৰাণ্ডালৈকে নামি আহিছে । আগফালৰ মূল দুৱাৰখন বন্ধ কৰিবলৈ গৈ নিকিয়ে এবাৰ বাহিৰখন ভালদৰে চাই ল'লে ।আকাশত পূৰঠ জোন । চোতালত ৰূপালী জোনাক । এনেকুৱা জোনাকত নিকিয়ে এনেই হ'লে জোনটোলৈ চাই এবেলা মনৰ কথা পাতে । শান্ত, স্নিগ্ধ ৰূপালী জোনটোৰ আলসুৱা সুৱাসে আজি তাইৰ অশান্ত মনটোক পোহৰাব পৰা নাই । মনটোক মনাব পৰা নাই জোনৰ লগত কথা পাতিব পৰাকৈ । আজিনো জোনৰ লগত পাতিব পৰাকৈ এনে কি কথা আছে ! শোক, দুখ , বিষন্নতা । এইবোৰ জোনৰ সৈতে নহয় মেঘৰ সৈতে পাতিব পৰা কথা । ডাৱৰ চলা আকাশলৈ চায় পাতলাব পাৰি মনৰ দুখ , এন্ধাৰ । লাহেকৈ দুৱাৰখন বন্ধ কৰি ভিতৰ সোমাই আহিল । কি যে এক গোমা , গহীন পৰিৱেশ। মানুহবোৰ আহি-গৈ থাকিলে ভাল লাগে । এই পৰিৱেশটোৱে অন্ততঃ ছাটি ধৰিব নোৱাৰে মন-মগজু ।
পৰিয়ালৰ মানুহবোৰ ঘৰা-ঘৰি যোৱাৰ পাছত নিকিয়ে অংশু , মাক আৰু তাইৰ বাবে দিনটোৰ শেষৰ সাজ আহাৰৰ নামত সামান্য কিবা অলপ গোটাই ল'লে । তাকে তিনিও ভগাই খালে । খোৱা-বোৱা শেষ হোৱাৰ পাছত অংশু তাৰ নিৰ্দিষ্ট খেৰৰ বিচনা খনত শুই পৰিল । নিকিয়ে মাকৰ কাষতে বিচনা এখন কৰি শোৱাৰ দিহা কৰিলে । যোৱা ৰাতিৰ টোপনি ক্ষতি , জাৰ্নিৰ ভাগৰ , মনৰ বিষন্নতা এই সকলোবোৰে তাইক হেঁচা মাৰি ধৰিছে । টোপনিয়ে চকুহাল দোৱাই নিছে যদিও বিচনাত পৰাৰ মাত্রকে লালকাল দিব পৰাকৈ মনৰ ভিতৰখন ফৰকাল নহয় । তথাপি গাৰুত মূৰথৈ বিচনাত গাতো এৰি দিলে । ঠিক সৰল ৰেখা ডালৰ দৰে । বহু বছৰৰ মূৰত এনেকৈ ঢলা-বিছনা কৰি শুইছে । পৰিয়ালৰ বা মিতিৰ-কুটুমৰ ঘৰৰ বিয়া-বাৰু, সকাম-নিকামত এনেকৈ ঢলা-বিছনা কৰি শোৱা হয় । তেনেকৈ শোৱাৰ আমেজেই বেলেগ । সমনীয়া কেইজনীৰ সৈতে ইটো-সিটো হোৱাই নোহোৱাই অনেক কথা পাতি হাঁহি খিকিন্দালি মাৰি কেতিয়া ৰাতি পুৱাই গমেই নাপায় । আজিৰ ঢলা-বিছনাখনৰ কথাটো একেবাৰেই সুকীয়া । আজিৰখন ঢলা-বিছনাত শোক-দুখ মিশ্রিত ভাৰাক্ৰান্ত হৃদয়ৰে তিনিটা দেহা পৰি আছে । তাত কোনো ৰং নায় ৰূপ নায় । আছে মাথোন দুখ, শোক, হুমুনিয়াহ ।
গাৰুত মূৰ থৈ এবাৰ অংশুৰ ফালে ঘূৰি চালে তাই । ধকধকীয়া বগা চুৰিয়া চেলেং পৰিহিত তাৰ খীণ শৰীৰটো , কোমলমতীয়া মুখখন , খেৰৰ বিচনাত শুই থকা দৃশ্যটোয়ে নিকিতাৰ মনটোক বিষাদে গধুৰ কৰি পেলালে। "এই বয়সতে ল'ৰাটো নিঠৰুৱাহৈ পৰিল। ভগৱান তাক যুঁজি যুঁজি জীয়াই থাকিবলৈকে শক্তি দিবা । " দীঘল হুমুনিয়াহ এটা এৰি মনৰ বেথাভৰা ভাৱটো উলিয়াই পেলালে । আইতাকেও অংশুৰ মুখলৈ এপলক চায় ল'লে । "ল'ৰাটোৱে কালি ৰাতিটো টিপ নামাৰিলে , আজি টোপনি গৈছে হ'বলা । শোৱক দে ।"
টোপনি আহক বুলি নিকিয়ে জোৰকৈ চকুহাল মুদি দিলে। গাৰুত মূৰটো দিয়াৰ লগে লগে অনেক কথাই মনটোত জুমুৰি দি ধৰিলে । ল'ৰা-ছোৱালী দুটাৰ মুখ দুখনো চকুৰ আগত ভাহি উঠিল।
কালি যৰে বস্তু ত'তে এৰি , যৰে কাম ত'তে এৰি থিতাদাহে গুচি আহিল । অকলে অকলে গিৰিয়েকে বা কি কৰিছে ! ঘৰ , অফিচ সকলো চম্ভালিব পাৰিছেনে নাই । দিনটো ঘৰখনৰ খবৰ এটাও লোৱা নহ'ল । গিৰিয়েকলৈ ফোন এটা কৰো বুলি গাৰুৰ তলৰ পৰা ম'বাইলটো উলিয়াই ল'লে । কেইবাটাও মিচ্ ক'ল । গিৰিয়েকেনো কেতিয়া ফোন কৰিছিল তাই গমেই নাপালে । গিৰিয়েকলৈ ক'লবেক কৰো বুলি ডায়েল কৰিলে।
:: ফোন কৰিছিলা ? মই গমেই নাপালো জানানে ।
:: উম কৰিছিলোঁ । ৰিচিভ নকৰা দেখি ব্যস্ত আছা বুলি ভাৱি বাৰে বাৰে কৰি নাথাকিলোঁ।
:: অ'... হয় নেকি । ব্যস্তই দিয়াচোন । আৰু মানুহ নাই যে । কোৱাচোন সকলো ঠিকেই আছেনে ? ইহঁত দুটাই দিগদাৰ কৰিছে নেকি?
:: নাই কিনো দিগদাৰ কৰিব । সিহঁতেও বুজি পাইছে নহয় । যি দিছোঁ তাকে খাইছে । ঠেহ-পেঁচ একো নাই। তাত কেনেকুৱা সকলো ঠিকেই চলিছেনে ?
:: চলিছে । নয়নদাহঁত অহা-যোৱা কৰি আছে । সকাম-নিকামৰ খা-খৰচ কেনেকৈ হ'ব তাকেহে ভাবিছোঁ। তুমি পাৰিলে আহিবা নেকি ?
:: যাবটো লাগিছিলেই । ৰ'বাচোন ঘৰ ৰখীয়া এজন যদি পাওঁ , অফিচটো যদি মিলাব পাৰোঁ তেনেহ'লে ইহঁতকো লৈ যাম ।
:: ঘৰখনত গাত লাগি সকলো দিশতে চকু দিব পৰা মানুহ এজনৰ বৰ অভাৱ। দাদাহঁত অহা-যোৱা কৰি আছে যদিও সকলো সময়তে তেওঁলোকো থাকিব নোৱাৰে । পাৰিলে আহা।
:: ঠিক আছে , হ'ব দিয়া ।
:: হ'ব দিয়া , এতিয়া ৰাখোঁ।
হাতৰ ফোনটো শিতানত থৈ শোঁও বুলি বাগৰ সলায় বেৰৰ ফালে মূৰ কৰি ল'লে।
ৰাতি এপৰ পাৰ হ'ল কি নাই নিকিতাৰ টোপনি ভাগিল । সাৰ পাই উঠাৰ লগে লগে অনেক চিন্তাই তাইক আগুৰি ধৰিলে। উজাগৰি নিশাটো বৰ জয়াল হৈ পৰে। আজিৰ ৰাতিটো নিকিতাৰ তেনে হ'ল । অংশুৰ ভৱিষ্যতৰ কথা ভাবি আন্ধাৰ বাট এটাই দি গভীৰৰ পৰা গভীৰলৈ গৈ থকা যেন লাগিল । তাৰ পাছত মাকৰ বাকী থকা জীৱনৰ দিন কেইটা কেনেকৈ পাৰ হ'ব সেই কথা ভাবি ভাবি তাই চকুৰ পানীৰে গাৰু তিয়াই দিলে। বৈ অহা চকুৰ পানী মচি মচি পাৰ কৰিছে ৰাতিটো। উজাগৰি নিশা মনলৈ অহা চিন্তাবোৰৰ অলৌকিক মায়া আছে । সামান্য কথা এটাকে বৰ ডাঙৰ সমস্যা হৈ মন-মগজুত ক্ৰিয়া কৰে। তিলটোকে তাল যেন লাগে। সৰু সমস্যা এটাকে ডাঙৰ সমস্যা হৈ থিয় দিয়ে সন্মুখত। ইমান পৰে নিকিতাই চকু মুদি মুদিয়েই মনত জুমুৰি দি ধৰা কথাবোৰ ভাবি আছিল। চকু মেলি দেখে পূৱে ঢল ফাট মেলিলে। আৰু অকণ পৰি থাকো বুলি বাগৰটো সলায় ল'লে যদিও বেছি পৰ পৰি থাকিব নোৱাৰিলে। তাই শোৱাৰ পৰা উঠি গ'ল ।
( আগলৈ )
No comments