সেমেকা স্মৃতিৰ সুবাস~৯ম খণ্ড
মালবিকা শৰ্মা, ভুবনেশ্বৰ
আজিকালি মলয়ৰ সময়বোৰ কেনেকৈ পাৰ হৈ যায়, ক’বই নোৱাৰে। ৰাতিপুৱা উঠি দৌৰাদৌৰিকৈ কামবোৰ শেষ কৰি অফিচলৈ ওলাই যায়। গোটেই দিনটো অফিচৰ কামত ব্যস্ত থাকি গধূলি ঘৰ পোৱাৰ অলপ পিছতে ববিতাৰ ফোন আহিবই। তাৰ পিছত কলেজীয়া জীৱনৰ কথা, ধেমেলীয়া কথাবোৰেৰে সুন্দৰকৈ সময়বোৰ পাৰ হয়।
লাহেলাহে চাওতে পূজাৰ বতৰ আহিলেই। ববিতাৰ আগ্ৰহেতে মলয়ে আকৌ এবাৰ নিজৰ পৈত্ৰিক ঘৰখনলৈ পূজাত ফুৰিবলৈ আহিছে। ঘৰৰ মানুহখিনিয়ে তাক দেখি আচৰিত হ’ল যদিও অহা বাবে ভালেই পালে। মাকৰ দৰে মৰম কৰা খুৰীয়েকে আগ্ৰহেৰে তাৰ মন পচন্দৰ বস্তুবোৰ বনাই খোৱাবলৈ ধৰিছে। ঘৰখনত পূজাৰ এটা সুন্দৰ হুলস্থলীয়া পৰিবেশ। তাৰ মাজতে পূজাৰ বাবে নতুনকৈ কিনা কাপোৰ-কানি, সুস্বাদু ব্যঞ্জনৰ সুবাসেৰে ঘৰখন মলমলাই আছে।
আজি সি ৰাধাৰ ঘৰলৈ যোৱা কথা, ববিতাও আহিব বুলি কথা হৈ থৈছে। কথামতেই সি বজাৰলৈ গৈ অলপ মিঠাই কিনি লৈ ৰাধাৰ ঘৰলৈ আহিছে। ৰাধাই দুৱাৰ খুলি মলয়ক দূৰ্গা পূজাৰ সম্ভাষন জনাই বহিবলৈ দিলে। মলয়ে তাইৰ হাতত মিঠাইৰ পেকেটটো দি কথা আৰম্ভ কৰিলে। সৰুসুৰা কথা পাতি বহি থাকোতেই বাহিৰত শব্দ শুনা গ’ল। ববিতাই হ’ব বুলি দুয়ো আগ্ৰহেৰে চাই দেখিলে, হয় ববিতাই। তাইৰ সৈতে এজন পুৰুষো আহিছে। চেহেৰাই পাতিয়ে বেছ সম্ভ্ৰান্ত ঘৰৰ যেন লাগিছে। ববিতাই পুৰষজনক নিজৰ শ্ৰীমান জয়ন্ত বুলি চিনাকী কৰাই দিলে। ৰাধাই দৌৰাদৌৰিকৈ উঠি গৈ অতিথি সকলৰ বাবে চাহ জলপান কৰাত ব্যস্ত হৈ পৰিল। মলয়ে প্ৰথমবাৰ লগ পোৱাত জয়ন্তৰ লগত কি কথা ক’ব ভাৱি পোৱা নাই। জয়ন্তয়ো যেন ৰাধাৰ সৰু সাধাৰন ড্ৰয়িং ৰূমটোত বহি কিছু অস্বস্তি অনুভৱ কৰিছে, বাৰে বাৰে ৰুমালখনেৰে মুখৰ ঘামবোৰ মুচি আছে। ববিতাই পৰিবেশটো সহজ কৰিবলৈ মাজেমাজে অলপ কথা পাতি আছে।
ৰাধাই ভিতৰৰ পৰা জীয়েকৰ সৈতে চাহ, বিস্কুট, মিঠাই আদিৰে ট্ৰে এখন আনি সৰু টুলখনৰ ওপৰত থলে আৰু খাবলৈ অনুৰোধ কৰিলে। সকলোৱে সহজভাৱে চাহ খাবলৈ আৰম্ভ কৰিলে। জয়ন্তই খৰখেদাকৈ চাহকাপ খাই উঠি কাম আছে বুলি যাবলৈ ওলোৱাত বেচেৰি ববিতাই মাত লগাই পিছত আকৌ দেখা কৰিব বুলি কৈ শ্ৰীমানৰ লগত ওলাই গ’ল। ইমানদিনৰ মুৰত তিনি বন্ধুৰ একলগে সময় কটোৱা পৰিকল্পনা কৰবাত পৰি ৰ’ল। কিছু দেৰি ৰাধাৰ সৈতে কথা পাতি মলয়ো ঘৰলৈ বুলি ওলাই আহিল।
(আগলৈ)
লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক -
https://www.facebook.com/malabika123
No comments