Breaking News

বৃহত্তৰ বহুপথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ উদ্যোগত আলোচনী আৰু কবিতা পুথি উন্মোচন



কুমুদ বৰা,দেৰগাঁওঃ বৃহত্তৰ বহুপথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হয় এখনি গ্ৰন্থ উন্মোচনী সভা।নামনি বহু পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত 

গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত অনুষ্ঠিত কৰা সভাখনিৰ আৰম্ভণীতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সাহিত্য সন্মিলনীৰ গোলাঘাট জিলা সমিতিৰ উপ সভাপতি বিজয় কুমাৰ গগৈয়ে। বৃহত্তৰ বহু পথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ সম্পাদক ৰঞ্জিত গগৈয়ে আঁতধৰা অনুষ্ঠানটিত 'খোজ' নামৰ আলোচনীখন উন্মোচন কৰে সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় উপসভাপতি ৰাজেন পূজাৰীয়ে। ইয়াৰ পাছতেই শিক্ষয়িত্ৰী বীণা বৰুৱা ফুকনৰ কবিতা পুথি 'শতৰূপা' উন্মোচন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ অমিয়া গগৈয়ে। বৃহত্তৰ বহু পথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ সভাপতি মানিক গগৈৰ 

সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত সাহিত্য সন্মিলনীৰ দেৰগাঁও আঞ্চলিকৰ সম্পাদক ৰাতুল বৰা, গোলাঘাট জিলা সমিতিৰ টুটুমনি নাথ,লব্ধপ্ৰতিষ্ঠ কবি নেত্ৰজ্যোতি গগৈ হাজৰিকাকে ধৰি অঞ্চলটোৰ বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে। 

No comments