Breaking News

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ বুবুল শৰ্মাৰ মুকলি চিঠি



ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি

বিষয়ঃঅসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক স্বাৱলম্বিতা বনাম পাম গছৰ খেতি

মহোদয়,

অসম তথা উত্তৰ-পূৰ্বাঞ্চল জৈৱবৈচিত্ৰ্যৰ ক্ষেত্ৰত হটস্পট নামেৰে জনাজাত৷ এই অঞ্চলটোৰ পাহাৰ-ভৈয়ামত থকা ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, পাহাৰ-জংঘল,নদী আদিৰ নয়াণাভিৰাম দৃশ্য উপভোগ কৰিবলৈ দেশ-বিদেশৰ পৰ্যটক অঞ্চলটোলৈ আহে৷ লাখ লাখ নাগৰিকে এই পৰ্যটন ক্ষেত্ৰত সংস্হাপিত হৈছে আৰু চৰকাৰে কোটি কোটি ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷

আপুনি জানে শেহতীয়াকৈ অঞ্চলটোত বন-জংঘল ধ্বংস হোৱাৰ ফলত হাতী,বাঘ, বান্দৰ আদি প্ৰাণীৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দাৰ সংঘাত বৃদ্ধি পাইছে৷ গতিকে এই অঞ্চলটোৰ জৈৱবৈচিত্ৰ্যতা তথা মাটি,পানী,বায়ুক বিশেষভাৱে সংৰক্ষণ কৰাটো প্ৰধানমন্ত্ৰী হিচাপে আপোনাৰ প্ৰধান দায়িত্ব৷ কিন্ত আমি বাতৰি যোগে গম পাইছোঁ - আপুনি উত্তৰ-পূৰ্বাঞ্চলৰ জনগণক এজোপা বিষবৃক্ষ উপহাৰ দিব বিচাৰিছে৷ পাম গছ নামৰ এই বিষবৃক্ষই ছাৰখাৰ কৰি পেলাব অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱবৈচিত্ৰ্যতা৷ 

আপুনি পাম তেলৰ যোগেদি আমাক স্বাৱলম্বী হোৱাৰ কথা কৈছে৷ কিন্ত মহোদয়, আপুনি হয়তো জানে এজোপা  পাম গছক দিনটোত ৩০০ লিটাৰ পানী লাগে৷পাম গছে মাটিৰ উৰ্ব্বৰতা হ্ৰাস কৰে৷এই গছৰ প্ৰভাৱত ওচৰে-পাচৰে থকা প্ৰায়বোৰ উদ্ভিদ কিছুদিনৰ পিছত মৰি যায় আৰু পুনৰ নগজে৷ প্ৰৱল খৰাঙে দেখা দিয়ে৷ই অতিমাত্ৰা কাৰ্বন নিৰ্গমন কৰে৷ আন্দামানত পাম গছে প্ৰাকৃতিক অৰণ্য ধ্বংস কৰাৰ পৰিপ্ৰেক্ষিতত দেশৰ উচ্চতম ন্যায়ালয়ে সেই অঞ্চলত পাম গছ ৰোপণত বাধা আৰোপ কৰিছে৷ মিজোৰামত এই গছৰ খেতি কৰাৰ বাবেই তীব্ৰ খৰাঙে দেখা দিছে৷ ডাম্পা বাঘ্ৰ্য প্ৰকল্পলৈ বিপদ কঢ়িয়াই অনা আমি দেখিছোঁ৷ 

মহোদয়, অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জৈৱবৈচিত্ৰ্যকেন্দ্ৰীক পৰ্যটনত অগ্ৰাধিকাৰ দিয়ক৷ উত্তৰ-পূৰ্বাঞ্চল আৰু আগবাঢ়ি যাব পাৰিব৷পাম খেতি কৰি জৈৱবৈচিত্ৰ্যৰে ভৰপূৰ এই অঞ্চলটোলৈ মৰুভূমিক আমন্ত্ৰণ নজনাব৷

বুবুল শৰ্মা,কাজিৰঙা

৮৬৩৮৫৬৫৪৩৯



No comments