Breaking News

সুলভ মূল্যৰ দোকানীয়ে ৰাজহুৱাকৈ ব'ৰ্ডত আঁৰি থ'ব লাগিব মূল্য আৰু মজুতকৰণ সম্পৰ্কীয় তথ্য


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাৰ সুলভ মূল্যৰ একাংশ দোকানীয়ে মূল্য আৰু মজুতকৰণ সম্পৰ্কীয় তথ্য গ্ৰাহকে দেখাকৈ ৰাজহুৱাকৈ ব'ৰ্ডত আঁৰি নোথোৱা বুলি লাভ কৰা কেতবোৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এটা নিৰ্দেশনা জাৰি কৰিছে। জিলা উপায়ুক্তৰ স্বাক্ষৰ সম্বলিত নিৰ্দেশনাটোত লক্ষ্যনিৰ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থা নিয়ন্ত্ৰণ নিৰ্দেশ, ২০১৫ (TPDS Control Order, 2015) ৰ ১০(৪)(ii) নং দফা অনুসৰি সামগ্ৰী যোগানৰ পৰিমাণ, সুলভ মূল্যৰ দোকান খোলা আৰু বন্ধ কৰাৰ সময়, মাহটোৰ বাবে লাভ কৰা মুঠ সামগ্ৰীৰ পৰিমাণ আৰু টোল ফ্ৰি হেল্পলাইন নম্বৰ উল্লেখ কৰা ব'ৰ্ড আঁৰি থ'বলৈ নিৰ্দেশ দিয়া হৈছে।

এই নিৰ্দেশ উলংঘা কৰিলে অসম সামগ্ৰী ৰাজহুৱা বিতৰণ নিৰ্দেশ, ১৯৮২ (APDA Order,1982) আৰু লক্ষ্যনিৰ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থা নিয়ন্ত্ৰণ নিৰ্দেশ, ২০১৫ (TPDS Control Order, 2015) ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।সুলভ মূল্যৰ দোকানসমূহ খোলাৰ সময় গ্ৰীষ্মকালৰ বাবে পুৱা ৭ঃ৩০ বজাৰ পৰা দিনৰ ১১ঃ৩০ বজালৈ আৰু বিয়লি ২ঃ৩০ বজাৰ পৰা সন্ধিয়া ৬ঃ৩০ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে, শীতকালত পুৱা ৮ঃ৩০ বজাৰ পৰা দিনৰ ১২ঃ৩০ বজালৈ আৰু বিয়লি ১ঃ৩০ বজাৰ পৰা সন্ধিয়া ৫ঃ৩০ বজালৈ দোকান খোলা ৰাখিব লাগিব।অৱশ্যে দোকান খোলাৰ সময়ৰ কিছু সালসলনি কৰিব বিচাৰিলে অনুজ্ঞাপত্ৰ প্ৰদান কৰা কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাব পাৰিব। এই নিৰ্দেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

No comments