Breaking News

সেমেকা স্মৃতিৰ সুবাস(সপ্তম খণ্ড)

 


                            মালবিকা শৰ্মা, ভুবনেশ্বৰ

পৰিবেশটো পাতলাবলৈ মলয়ে তাইলৈ চাই জোৰে হাঁহি দিলে। সি হাঁহি উঠা দেখি তায়ো তালৈ চাই হাঁহি উঠি ক’লে- আজিলৈকে তাৰমানে বেলেগৰ হাতৰ ৰান্ধা খাবলৈ নাপালা। কি কৰিবা আৰু, দুৰ্ভাগ্য মোৰ, এইবুলি মলয়ে তাইক সুধিলে- তোমাৰ শ্ৰীমানৰ কথা কোৱাচোন। ববিতাই অলপ জোৰ দি কৈ উঠিল- নিজৰ ব্যৱসায় সংক্ৰান্তীয় কাম-কাজতেই ব্যস্ত হৈ থাকে। কোনো ধৰনৰ বদভ্যাস নাই। মোকো মোৰ নিজৰ ইচ্ছাৰে থাকিবলৈ দিয়ে। শহুৰৰ ঘৰৰ মানুহখিনি বৰ ভাল জানা। মই ভাগ্য কৰি এনে এখন ঘৰ পাইছো।

      বৰ ভাল লাগিল ববিতা তুমি সুখত থকা বুলি জানি। ভগৱানে তোমাক সদায় এনেদৰেই সুখত ৰাখক। মলয়ে কথাখিনি কৈ থাকোতেই ভিতৰৰপৰা ববিতাৰ মাক ওলাই আহি দুয়োকে ভাত খাবলৈ মাতি নিলে। ভিতৰৰ ৰূমত গোটেই টেবুলখন নানান ৰকমৰ খোৱা বস্তুৰে ভৰ্তি। মলয়ৰ হঠাত মনলৈ আহিল কলেজত পঢ়ি থকা সময়তো মাজে সময়ে সুবিধা পালে লগৰবোৰে আহি ববিতাৰ মাকৰ ৰান্ধা সুস্বাদু ব্যঞ্জনৰ সোৱাদ লৈছিল। বৰ আলহ-উলহকৈ মাকে তাক এটা এটাকৈ খোৱা বস্তুবোৰ পৰিবেশন কৰিলে। 

      খোৱা-লোৱাৰ পাছত আৰু কিছু সময় কথা পাতি মলয় আহিবলৈ থিয় দিলে। মাক আৰু ববিতাৰপৰা বিদায় লৈ আকৌ পিছত অহাৰ কথা দি মলয় দুৱাৰ মুখলৈ ওলাই আহিল। ববিতাই পিছে পিছে ওলাই আহিছিল। আৰু কেতিয়া দেখা হ’ব বুলি তাই সোধা প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ মলয়ে থমকি এক মুহুৰ্ত চিন্তা কৰিলে। কি উত্তৰ দিব বুলি সি ক’লে- পূজাৰ সময়ত আহিব পাৰো। বাহঃ, বঢ়িয়া হ’ব, ময়ো আহি থাকিম সেই সময়ত- ববিতাই সৰু ছোৱালীৰ দৰে চিঞৰি উঠিল। তাইৰ উজ্জল হৈ উঠা মুখখন দেখি মলয়ে হাঁহি উঠিল। তাইক বিদায় জনাই সি ওলাই আহিল। 

     গোটেই ৰাস্তাটো তাৰ মনত হৈ যোৱা কথাবোৰ সপোনৰ দৰেই আহি থাকিল। ইমান বছৰৰ মুৰত এইদৰে নিজৰ ঠাইখনলৈ অহা, ৰাধাৰ ঘৰলৈ গৈ ববিতাৰ বিষয়ে সবিশেষ শুনা, ববিতাক এইদৰে লগ পাই একেলগে সময় ব্যতিত কৰা ইত্যাদিয়ে মনলৈ এক অদ্ভুত অনুভূতিৰ সৃষ্টি কৰিলে তাৰ। কথা পাতি থকাৰ সময়ত ববিতাই তাইৰ ফোন নম্বৰটো তাক দি তাৰপৰাও ফোন নম্বৰটো  লৈ সুবিধা পালেই ফোন কৰিবলৈ বাৰেবাৰে কৈছে। এইবোৰ কথা চিন্তা কৰি কেতিয়া আহি ঘৰ পালে, মলয়ে গমেই নাপালে।।

(আগলৈ)


লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক -

https://www.facebook.com/malabika123

No comments