Breaking News

সেমেকা স্মৃতিৰ সুবাস(অষ্টম খণ্ড)

 


                                 মালবিকা শৰ্মা, ভুবনেশ্বৰ


এইবাৰ কৰ্মক্ষেত্ৰলৈ আহি মলয়ৰ মনটো যেন কামত বহাবই পৰা নাই। ঘুৰি অহা দুদিন হ’ল। এতিয়াও পৈত্ৰিক গাওঁখনলৈ আৰু তাৰ স্মৃতিবোৰে মনটো সম্পূৰ্ণকৈ আগুৰি আছে। ইমান বছৰ গাওঁত নোযোৱাকৈ আছিল, সকলোবোৰ কাম সুকলমে হৈ আছিল। এইবাৰ গৈ অহাৰ পিছত কি যে হৈছে। মনৰ পৰা চিন্তাবোৰ জোকাৰি উলিয়াই দিব চেষ্টা কৰি মলয়ে কামত মনোনিবেশ কৰিব বিচৰাৰ সময়তে ফোনটো বাজি উঠিল।

     কি খবৰ? কি কৰি আছা? ফোন কৰিম বুলি পাহৰিলা দেখোন। একেলেঠাৰীয়ে ববিতাই প্ৰশ্নবোৰ সুধিব ধৰা দেখি মলয়ে লাহেকৈ ক’লে- ববিতা মই অফিচত আছো, ঘৰলৈ গৈ ফোন কৰিম দিয়া। তাই হ’ব বুলি ফোনটো থৈ দিলে। আৰু কোনো ধৰনৰ কথা মনলৈ আহিবলৈ নিদি  মলয়ে ইমানদিনে ৰৈ যোৱা অফিচৰ কামবোৰ কৰিবলৈ আৰম্ভ কৰিলে। বহুত কাম পৰি আছে, শেষ কৰোতে কেইবাদিনো লাগিব। এমুৰৰপৰা কামবোৰ শেষ কৰি যাওতে লাহেলাহে অফিচ চুটিৰ সময় হৈ আহিল। আন মানুহবোৰক উঠি যোৱা দেখি মলয়েও কামবোৰ সিমানতে এৰি ঘৰ অভিমুখে অগ্ৰসৰ হ’ল।

     ঘৰলৈ আহি মলয়ে হাত-ভৰি ধুই চাহ একাপ বনাই বিস্কুটৰ সৈতে খাবলৈ বহিল। এইকেইদিন তাতে আৰাম কৰি খাই-বই অহাৰ পিছত ইয়াত নিজে কাম কৰিব মন নোযোৱাই হৈছে। চাহ খাই থকাৰ সময়তে মলয়ে ববিতালৈ ফোন লগালে। হেল্লো, তাইৰ ৰাংঢালী মাতটো ভাহি আহিল। এক মুৰৰপৰা কথা পাতি যাওতে কিমান যে সময় পাৰ হ’ল, দুয়ো গমেই নাপালে। এটা সময়ত ওৱালৰ ঘড়ীটোৱে আঠ বজাৰ সংকেত দিয়াত মলয় বাস্তৱ জগতখনলৈ উভতি আহিল। ৰাতিৰ ভাতসাজ ৰান্ধিবলৈ আছেই বুলি মলয়ে ফোনটো কাটিবলৈ খোজাত ববিতাই পিছদিনা আকৌ কথা হোৱাৰ প্ৰতিশ্ৰুতি লৈ ফোনটো থলে। 

      পাকঘৰৰ বস্তুবোৰ অলপ থিক-থাক কৰি লৈ মলয়ে ৰাতিৰ সাজ ভাত বনাবলৈ আৰম্ভ কৰিলে। দালি, ভাত আৰু ভজা এখন বেছিকৈ বনাই লৈ আধা খালে আৰু আধা পিছ দিনাখন অফিচলৈ যোৱাৰ আগতে খাবলৈ সামৰি থৈ দিলে। পাকঘৰৰ কামবোৰ চিজিল কৰি থৈ আহি মলয়ে শোৱাঘৰত পৰি থকা কাপোৰ-কানিবোৰ ভালদৰে ভাজ কৰি আলমাৰীত সজাই থলে। কামবোৰ কৰি ভাগৰ লগা যেন অনুভৱ হোৱাত মলয়ে হাত-ভৰি মেলি বিচনাত বাগৰ দিলে আৰু শুবলৈ চেষ্টা কৰিল। কিন্তু ভাগৰ লগাৰ পিছতো দেখোন টোপনি আহিবই নোখোজে, সেই পুৰনা কথাবোৰেই মুৰৰ ভিতৰত ঘুৰিব ধৰিলে।

(আগলৈ)

লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক -

https://www.facebook.com/malabika123

No comments