যাত্রাৰ শেষত (৮)
✍পৰিমিতা গোস্বামী
জীৱন কচু পাতৰ পানী। বতাহৰ মৃদু কঁপনিতে সুৰুক কৈ সৰি পৰে। কচু পাত খিলাই পানীৰ টোপালটো ধৰি ৰখালৈকে তাৰ অস্তিত্ব সৌন্দৰ্য সকলো। সৰি পৰিল মাত্রক সকলো অসাৰ । কথাষাৰৰ তাৎপৰ্য নিকিতাই আজি মৰ্মে মৰ্মে উপলব্ধি কৰিলে। আগদিনা অফিচলৈ ওলায় ৮.৩০ বজাত তাই বৌয়েকলে ফোন কৰিছিল । সকলো কথা আনকালৰ দৰেই পাতিছিল। গাতো সামান্য বেয়া বুলি কৈছিল যদিও ভুলটো ভবা নাছিল তেওঁৰ যে সেইদিনাই কিবা এটা হ'ব। চিকিৎসাৰ বাবেও অকণো সময় নিদিলে মানুহ জনীয়ে। কথাটো ভাবি তাইৰ বৰ দুখ লাগিল। কি কৰিব ? উপায় নাই । সকলো ভগৱানৰে ইচ্ছা। নজনাকৈয়ে দীঘল হুমুনিয়াহ এটা ওলায় আহিল।
তিতা চুলিকোচা গামোচা খনেৰে মচি মচি গাধোৱা কাম সম্পূৰ্ণ কৰি বাথৰুমৰ পৰা ওলায় আহিল নিকিতা। বেলিটো পূৰঠহৈ পূৱৰ আকাশত দেখা দিছে। দুই হাত সামান্য ওপৰলৈ ডাঙি বেলিটোলৈ চাই কৰ-যোৰে প্ৰণাম কৰি মনতে ভাবিলে, :: হে সৰ্ব শক্তিমান দিনটো ভালে-কুশলে পাৰ কৰিবা, শৰীৰত শক্তি দিবা, মনত বল দিবা যাতে সকলো সুচাৰু ৰূপে হৈ যায়। বহুত পূজা অৰ্চনা নাজানে তাই, মাত্র সূৰ্যক তাই সকলো শক্তিৰ উৰ্ধত বুলি মানে । সেয়ে সৰু কালৰে পৰা গাতো ধুই আহি সূৰ্য সেৱা কৰাটো তাইৰ অভ্যাস । আজিও তাৰ ত্রুটী নহ'ল ।
গা ধুই পিছ দুৱাৰেদি ভিতৰ সোমাই আহিল নিকিতা। মাক ক'ত আছে এবাৰ গ'মলৈ ল'লে। মনটো ডাঠ কৰি অংশুৰ ৰুমলৈ সোমাই গ'ল। সি তেতিয়াও বিচনাত পৰিয়েই আছিল। নিকিতাই তাক লাহেকৈ মাত দিলেগৈ,
:: আংশু টোপনি নেকি?
:: নাই টোপনি নহয় । তুমি পালাহি।
:: উম পালোহি।
বেৰৰ ফালৰ পৰা মুখ খন ঘূৰাই পেহীয়েকৰ ফালে মূৰ কৰি ল'লে সি। অংশুক অলপ সহজ যেন দেখি নিকিতাই মনত সাহস পালে । পেহীয়েকক পায় তাৰো আগদিনাৰ পৰা শূন্য যেন লাগি থকা মনটো সবল হৈ উঠিল। তাৰ ভাৱ হ'ল সি একেবাৰে নিঠৰুৱা নহয় এতিয়া তাৰ ছাঁ হৈ থিয় দিবলৈ তাৰ কাষত তাৰ পেহীয়েক আছে, আইতাক আছে। সি তাৰ মনৰ বিষাদ বোৰ, শূন্যতাবোৰ হেঁচুকি থলে।
মনেৰে সি স্বীকাৰ কৰি লৈছে , হয় ! দুখ তাৰ চিৰ লগৰী, বিষাদ গাৰ লগৰ ছাঁ। কেৱল দুখ-বিষাদ বুলিয়েই জীৱনটো যাপন কৰিবনে ! জীৱনটো উদযাপন কৰিব সি। দুখৰ ডেওনা পাৰ হৈ সুখৰ অন্বেষন কৰিব লাগিব । মাকে কোৱাৰ দৰে মানুহ পৰিস্থিতিৰ দাস। পৰিস্থিতি চম্ভালিব পৰাকৈ কেতিয়াবা সংযমী, কেতিয়াবা বিনয়ী আৰু কেতিয়াবা প্ৰতীবাদী হ'ব লাগিব। মাকৰ এই কথাষাৰ তাৰ জীৱনৰ মূলমন্ত্ৰ হিচাবে লৈ জীৱন বাটত অগ্ৰসৰ হ'ব লাগিব । মাকৰ মুখৰ কথাষাৰ কেৱল কথা বুলি নলৈ মহৎ বাণী হিচাবে গ্ৰহণ কৰিব । সি নিজকে প্ৰস্তুত কৰি ল'ব আনাগত দিনৰ অভিনৱ যাত্রাত । সেই যাত্রাৰ প্ৰধান পৰামৰ্শ দাতা হ'ব তাৰ পেহীয়েক- পেহাক আৰু আইতাক। সি শূন্য নহয় সি পৰিপূৰ্ণ। তাৰ নাম মাক-দেউতাকে ঠিকেই দিছিল অংশু - অংশুমান মানে সূৰ্য । ঠিকেই সি সূৰ্য । সূৰ্যই যেনেকৈ নিজৰ পোহৰে পৃথিৱী পোহৰাই ঠিক তেনেকৈ সিও তাৰ সৰু পৃথিৱীখন নিজেই পোহৰাব লাগিব । অ'ত পৰে নিকিতাই অংশুৰ মুখলৈ তধা লাগি চাই আছিল। তাই তাৰ মনটো অন্তঃচক্ষুৰে নিৰীক্ষণ কৰি আছিল। মনতে ভাৱিলে ! সি দুখবোৰ সহ্য কৰিব পাৰিছে । তাৰ মনটো সবল হৈছে । লাহে লাহে অংশুৰ লগত ইটো সিটোকৈ অনেক কথা পাতিলে।
নিকিতাই অংশুক সুধিলে
:: পুৰোহিতালি কামবোৰ কোনে কৰিলে?
:: বামুণ গাঁৱৰ যোগেন শাস্ত্রীয়ে।
:: তেখেতে স্কুলত কাম কৰা নাছিল জানো ?
:: উম কৰিছিল। কেই বছৰমান হ'ল অৱসৰ ল'লে। এতিয়া ওচৰে পাজৰে পূজা পাতল কৰে । তেওঁ এইবোৰ কাম নকৰা হ'লে দিগদাৰেই হ'ল হেতেন । আজিকালি বামুণ গাঁও ক'বলেহে পূজা-পাতল কৰা মানুহ নায়েই। নয়ন বৰ্তাই কৈছে তেওঁ নকৰা হ'লে পুৰোহিতৰ বাবে বৰ অসুবিধা হ'ল হেঁতেন।
:: এৰা ওচৰতে বামুণ গাঁৱখন আছে ল'ৰাবোৰে এই কামবোৰ শিকি ল'ব লাগে।পৰম্পৰা ৰক্ষাও হ'ল হেঁতেন ওচৰ- পাজৰৰ মানুহৰ সুবিধাও হ'ল হেঁতেন । অন্ততঃ চিতোৎসৰ্গ কৰিবলৈকে ওচৰত ব্ৰাহ্মণ এজন লাগে।
নিকিতাই বহুত কথাই পাতিলে অংশুৰ লগত। পিণ্ড কৰ্মত প্ৰয়োজন হোৱা দ্ৰব্যবোৰ কোনে গোটাই দিলে। শ্মশান লৈ নিয়াৰ সময়ত কিমান মানুহ গোট খাইছিল। কোন কোন আহিছিল। এই সকলোবোৰ কথা নিকিতাই অংশুৰ পৰা জানি লৈছিল।
নিকিতা অহা গ'ম পাই ওচৰৰ বৰদেউতাক খুৰাক হতঁৰ ঘৰৰ ককায়েক বৌয়েক গোটেই বোৰ আহি গোট খালেহি। সকলোৰে মুখত কেৱল আগ দিনাৰ অনাকাংক্ষিত ঘটনাটোৰ বৰ্ণনা। কেনেকৈ হ'ল । কি হ'ল । তেওঁলোক তেতিয়া কোন ক'ত আছিল ইত্যাদি কথাবোৰে ৰুমটোত গুণগুণনি উঠি থাকিল। কোনেও ভবা নাছিল ইমান সামান্য অসুখতে মানুহজনী গুচি যাব বুলি । নিকিতাৰ বৰকৈ জানিবলৈ মন গৈছিল ডাক্তৰে বৌয়েকৰ কি হৈছিল বুলি ক'লে। তাই নয়নক সুধিলে ,
:: নয়নদা ডাক্তৰে বৌৰ কি হৈছিল বুলি ক'লে তই সুধিছিলিনে?
:: উম সুধিছিলোঁ, হাই ব্লাড প্ৰেচাৰ ষ্ট্ৰক বুলি ক'লে।
:: তেওঁৰতো প্ৰেচাৰ হাই বুলি আমি জনায় নাছিলোঁ।
:: প্ৰেচাৰ বাঢ়ি আছিল চাগে, হয়তো তেওঁ নিজেও প্ৰেচাৰ বেছি হৈ থকা বুলি জনা নাছিল। সেয়ে অকস্মাৎ এনে ঘটনা ঘটিবলৈ পালে।
নিকিতাৰ মনটোত এনে লাগিল ; তাই যদি এবাৰলৈও গ'ম পালে হেঁতেন বৌয়েকৰ হাই ব্লাড প্ৰেচাৰ আছে বুলি ডাক্তৰক দেখুৱাই ভালকৈ চিকিৎসা কৰাব পাৰিলে হেঁতেন । কথাটো ভাবি ভাবি তাইৰ মনটো গধুৰ হৈ আহিল , চকু দুটা সেমেকি আহিল।
এনেতে মাক বাহিৰৰ পৰা সিহঁতে কথা পাতি থকা ৰুমটোলৈ সোমাই আহিল।
:: পুৰোহিত পালেহি । পিণ্ডৰ দ্ৰব্যখিনি গোটাই দিব লাগে।
বৌয়েকহঁতে নিকিতাকে বস্তুখিনি গোটাই দিবলৈ কৈ আটাই বোৰ ঘৰাঘৰি গ'ল। যোৱাৰ সময়ত নিকিতাই সকলোকে ক'লে
:: তোমালোক আহি থাকিবা দেই, কামবোৰ কেনেকৈ কৰা হ'ব তাৰ এটা আলোচনাও কৰিব লাগিব।
:: উম আহিম আহিম বুলি কৈ আটাই বোৰ গ'লগৈ।
নিকিতাই পিণ্ডৰ সকলো বস্তুৰ যা-যোগাৰ কৰি পুৰোহিতৰ হাতত দিলে। অংশুয়ে মাকৰ দ্বিতীয় দিনৰ পিণ্ড দিবৰ বাবে ৰুমৰ পৰা ওলায় গ'ল।
( আগলৈ )
No comments