Breaking News

সেমেকা স্মৃতিৰ সুবাস (চতুৰ্থ খণ্ড)

 


মালবিকা শৰ্মা, ভুবনেশ্বৰ

    অন্ধকাৰ গলিটো পাৰ হৈ ৰাধাৰ ঘৰ পালে মলয়। আজি আহিব বুলি চিন্তা কৰিয়েই হাতত টৰ্চ এটা লৈ আহিছে সি। ঘৰৰ ভিতৰৰপৰা মতা মানুহ এজনৰ মাত শুনা গৈছে, হয়তো ৰাধাৰ গিৰিয়েক আছে। মলয়ে ভিতৰত সোমাব নে নাই বুলি এটা মুহুৰ্ত চিন্তা কৰিলে আৰু উভতি আহিব খোজোতেই ভিতৰৰপৰা ৰাধাৰ মাত শুনি ৰৈ গ’ল- কোন? দুৱাৰমুখত আহি থিয় হৈছে তাই। মলয়ক দেখি ৰাধাই ব্যস্ত হৈ কৈ উঠিল- আৰে, আহা আহা, তোমাৰ কথাই ভাৱিছিলো।


   তাইলৈ চাই হাঁহি এটা মাৰি মলয়ে ক’লে- অসুবিধা কৰা নাই তো? অসময়ত আহিলো। ৰাধাই ক’লে- ভালে কৰিলা, আহা বহাচোন। এইবুলি তাই জীয়েকক মাতি মলয়ৰ লগত চিনাকী কৰাই দিলে আৰু ভালদৰে চাহ দুকাপ বনাই আনিব দিলে। বৰ মৰমলগা ছোৱালীজনী, দেখি ভাল লাগি গ’ল মলয়ৰ। মলয়ক এটা নমস্কাৰ দি তাই ভিতৰলৈ গুচি গ’ল। এইকেইদিন কি কৰিলে, ক’ত ফুৰিব গ’ল আদি সৰু সুৰা কথাবোৰ দুয়ো পাতি থকাৰ সময়তে ৰাধাৰ গিৰিয়েক ভিতৰৰপৰা ওলাই অহা দেখি ৰাধাই দুয়োকে চিনাকি কৰি দিলে। কৃত্ৰিম হাঁহি এটা দি গিৰিয়েক ওলাই যোৱা দেখি মলয়ে শান্তিৰে দীঘল উশাহ এটা লৈ ৰাধাক তাৰ মনত আহি থকা প্ৰশ্নটো সুধিলে।


      ববিতাৰ সন্তানহীন জীৱনটোৰ কথা জানিবলৈ উৎসুক হোৱা মলয়ে ৰাধাৰপৰা গ’ম পালে যে ববিতাৰ বিয়া ধনী ঘৰত হ’লেও সন্তান নোহোৱাৰ বাবে শহুৰেকৰ ঘৰখন তাইৰ ওপৰত সুখী নহয়। ইতিমধ্যে কেইবাবাৰো গিৰিয়েকৰ ওপৰত দ্বিতীয় বিবাহৰ বাবে জোৰ দিয়া হৈছে যদিও গিৰিয়েক মান্তি হোৱা নাই। আত্মীয়-স্বজন তথা বাহিৰৰ মানুহে এইয়া ববিতাৰ প্ৰতি গিৰিয়েকৰ সীমাহীন ভালপোৱা বুলি ভাৱিলেও প্ৰকৃততে নিজৰ অক্ষমতাক লুকুৱাবলৈহে গিৰিয়েকে দ্বিতীয় বিবাহ কৰা নাই। ববিতাই এই বিষয়ে কাৰো আগত একো নকয় যদিও তাই যে অন্তৰৰ ভিতৰত দুখবোৰ চাপি থৈ দিছে, সেয়া গ’ম পোৱা যায়।


     ৰাধাই ক’লে মাকৰ ওচৰত প্ৰায়েই আহি থাকে ববিতা। কিছুদিন আগতে আহি গৈছে। আকৌ আহিবৰ কিজানি হ’লেই। গিৰিয়েকেও তাই অশান্তি কৰিব বুলি তাইৰ কামত একো হকা-বধা নকৰে। ৰাধাৰ কথা শুনি মলয়ৰ সাংঘাটিক ইচ্ছা এটা হ’ল ববিতাক লগ পাই যাবলৈ। আৰু দুটামান দিন ইয়াতে থাকি ববিতাক লগ পাবলৈ সংকল্প ল’লে সি।


(আগলৈ)


 


লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক –


https://www.facebook.com/malabika123

No comments