যাত্রাৰ শেষত (৩)
"হঠাতে অহা ছুনামিয়ে সাগৰৰ পাৰৰ সুখ কাঢ়ি নিয়াৰ দৰে তাৰ জীৱনৰো সকলো সুখ কাঢ়ি লৈ গ’ল । মাকৰ মুখাগ্নি কৰি তপত-পিণ্ডাদিৰ বিধি সন্মত সকলো কাম কৰি ঘৰলৈ ঘূৰি আহিল"
✍ পৰিমিতা গোস্বামী
জীৱন আৰু মৃত্যুক দিন আৰু ৰাতিৰে , পোহৰ আৰু আন্ধাৰৰে তুলনা কৰে । দিনৰ পোহৰে ৰঙীন কৰি থকাৰ মাজতেই জীৱনৰ ভৰ দুপৰতে নিঠৰুৱা হোৱা সন্তানে কি সতে স্বীকাৰ কৰি ল’ব অবাঞ্ছিত আন্ধাৰ । ভৰা লুইতত চাকনৈয়াত পৰা নদীয়ালৰ দৰে নহ’বনে তেওঁৰ জীৱন । সুহৃদক বিচাৰি মৰুভূমিত মৰিচিকা খেদি ফুৰাৰ দৰে মনটোয়ে হাহাকাৰ কৰি নুঠিবনে । চিৰন্তন সত্যটোক স্বীকাৰ কৰিলৈ মানসিক স্থিতি ঘূৰি অহালৈ কিমান যে হাবু-ডুবু খাই ফুৰিব লগা হয় ।
জীৱনৰ ভৰ দুপৰতে মাতৃক হেৰুওৱা পিতৃহীন ল’ৰাটোৰ অৱস্থাটোও চাকনৈয়াত পৰা নদীয়ালজনৰ দৰেই হ’ল । হঠাতে অহা ছুনামিয়ে সাগৰৰ পাৰৰ সুখ কাঢ়ি নিয়াৰ দৰে তাৰ জীৱনৰো সকলো সুখ কাঢ়ি লৈ গ’ল । মাকৰ মুখাগ্নি কৰি তপত-পিণ্ডাদিৰ বিধি সন্মত সকলো কাম কৰি ঘৰলৈ ঘূৰি আহিল । পদূলিৰ মূৰৰ পৰাই সমগ্ৰ ঘৰখনত এক বিশাল শূন্যতাই বিৰাজ কৰিছে । কাক মাতিব । কাক সুধিব । এতিয়া কি কৰিব লাগিব! জন্মৰ পৰা আজিলৈকে কি কৰিব , কি খাব , কি পিন্ধিব , কলৈ যাৱ এই সকলোবোৰৰ চাজেচন মাকেই দিয়ে তাক । আজি হঠাৎ মাক নোহোৱা হ’ল । কথাটোৱে তাক বাৰে বাৰে খুন্দিয়াই থাকিল ।
সি বিবুদ্ধিত পৰিল । তিতা তিয়নিখন সলাবলৈকে কোনে যোগাৰ কৰি দিব তাক । খুৰাক হতঁৰ চিঞৰ বাখৰত কোনোবাই লৰা লৰিকৈ ধুতি এখন উলিয়াই দিলেহি । তিতা কাপোৰবোৰ সলাইলৈ চোতালৰ পৰা ভিতৰ সোমাই গ’ল। দেখিলে তাৰ কোঠাত ধান খেৰৰ বিচনা এখন সজাই থোৱা আছে । সি অলপ আচৰিত হ’ল। তাৰ বহুত কথা মনত পৰি গ’ল। উৎকট গৰমত তলত পাতি পাৰি শুব খুজিলে মাকে তাক কেতিয়াও শুবলৈ নিদিয়ে । কয়, ” পকাৰ চেঁচাটো বেয়া অ বাবা ! অপকাৰ কৰিব । একো নহয় বিচনাতে শোৱা মই বিচি দিম নহয় ।” এতিয়া তাৰ মাক নাই ।অপকাৰ কৰিব বুলি সকীয়াই দিবলৈ । তাৰ মনটো সেমেকি গ’ল ।
ধান খেৰৰ সজাই থোৱা বিচনাখন দেখুৱাই কোনোবা এজনে ক’লে , ” তই এতিয়া ইয়াতে বহি থাক “। দুখ , ভাগৰ , বিষন্নতাই হেঁচা মাৰি ধৰিলে তাক । এটা সময়ত সি গম নোপোৱাকৈয়ে খেৰৰ বিচনাখনত বহি পৰিল ।
দুপৰৰ পৰা ৰাতি এপৰলৈকে তাৰ মুখৰ পৰা এটা শব্দও ওলোৱা নাই । চিনাকি অচিনাকি অনেক মানুহৰ মুখে তাৰ কেউকাষে আবৰি আছে । মানুহবোৰৰ মাজৰ পৰা উফৰি আহিছে এইটো কৰ , সেইটো ধৰ, এইফালে আহ , সেইফালে যা । সেই শব্দবোৰ অনুসৰণ কৰি কৰিয়েই ৰবটৰ দৰে কামবোৰ কৰি আছে । মাজে মাজে মাত্র অজানিতে বৈ অহা চকুৰ পানীখিনি দুহাতেৰে মচি লৈছে ।
বিচনাখনত বহি দিয়াৰ লগে লগে সি যেন স্থিৰেৰে থাকিব পৰা নাই ! তাক যেন সামান্য হ’লেও গইনা এটাৰ প্ৰয়োজন হৈছে! লাহে লাহে সি বেৰখনৰ কাষ চাপি গ’ল । বেৰখনত আউজি লৈ গাতোৰ লগতে মূৰটোও আলফুলে পেলাই দিলে । তেতিয়াও সি মূকবধিৰৰ দৰে পৰি থাকিল বহু সময়লৈ । চকুৰ আগেদি বহুত ছবি অহা-যোৱা কৰি থাকিল । শৈশৱৰে পৰা খেৰৰ বিচনাখনত পৰি থকা এই মুহূৰ্তলৈকে ছবিবোৰে এখন তথ্যচিত্রৰ আকাৰ ল’লে । তাৰ ওচৰত তেতিয়াও অনেক মানুহৰ অহা-যোৱা চলি থাকিল । ইমানবোৰ মানুহৰ সমাগমতো সি এক বিশাল শূন্যতা অনুভৱ কৰিলে । তাৰ কেউকাষে মৰিশালীৰ নিৰ্জনতা বিদ্যমান ।
কোনোবা এজনে বিচনাৰ কাষৰ মজিয়াতে তাৰ ম’বাইলটো, চশমাযোৰ , ঘড়ীটো আৰু মানিবেগটো থৈ গ’ল। :: “তোৰ বস্তুকেইটা ইয়াতে থৈছোঁ দেই ।” তেতিয়াও সি মুখেৰে একো নামাতিলে, কেৱল বস্তু কেইটালৈ এবাৰ চকু ফুৰালে। ৰাতি বহুত হ’ল যেন অনুমান হ’ল । ইজন সিজনকৈ তাৰ ওচৰৰ পৰা মানুহবোৰ নাইকিয়া হ’ল। এটা সময়ত ঘৰখন একেবাৰে নিজম পৰিল । সময়টো চাওঁ বুলি ম’বাইলটো হাতত তুলি ল’লে । ‘ এঘাৰ বাজিল ‘ সি নিজকে নিজেই ক’লে । তাৰ নিৰ্দিষ্ট গিলাছটোত(গ্লাছ) ঠাণ্ডা পানী এগিলাছ লৈ আইতাকে ,” হুঁ এই পানী গিলাছ খাই তই এতিয়া শুই থাক”। মাকৰ বাহিৰে চৌবিশ ঘণ্টা তাৰ লগত থকা মানুহ এতিয়া আইতাক । সি আইতাকৰ মুখলৈ চালে । নজনাকৈয়ে মুখখন ফেকুৰি আহিল । আইতাকৰো দুগালে চকুৰ পানী সৰসৰকৈ বাগৰি আহিল । কোনেও কাকো একো নক’লে । মাত্র বৈ অহা চকুৰ পানীখিনি দুয়ো মোহাৰি ল’লে । গিলাছটো হাততলৈ এঢোক দুঢোককৈ কেইবা ঢোকো পানী খালে । কিছু দেৰি তভক মাৰি ৰৈ থাকিল । হাতৰ গিলাছটো মজিয়াতে থৈ বিচনাখনত দীঘল দিলে । আইতাকো তাৰ কাষতে মজিয়াত বিচনা এখন পাৰি শুই পৰিল । সি আঁৰ চকুৰে আইতাকলৈ চাই থাকিল । চকুযোৰ পতাই পতাই লগাবলৈকে তাৰ বৰ কষ্ট হ’ল।
( আগলৈ )
No comments