সেমেকা স্মৃতিৰ সুবাস (২য় খণ্ড)
(২য় খণ্ড)
মালবিকা শৰ্মা, ভুবনেশ্বৰ
ৰাধাই তালৈ চাই ক’লে- জানা, এইবাৰ ববিতাও মাকৰ ঘৰলৈ আহোতে মোক লগ ধৰিব আহিছিল। তাই তোমাৰ কথা বৰকৈ সুধিছিল। কিন্তু তোমাৰ লগত কোনো ধৰনৰ যোগাযোগ নথকাত তোমাৰ বিষয়ে একোকে জনাব নোৱাৰিলো। তোমালোক দুয়োৰে মাজত আৰু একো সম্পৰ্কই নাই তাৰমানে? অলপ দেৰী মমবাতিৰ পোহৰলৈ লক্ষ্য কৰি মলয়ে ক’লে- সেইবোৰ স্মৃতিহে এতিয়া। পুৰণা কথাবোৰ পাহৰি আগবাঢ়িবৰ সময় হ’ল। তাৰ কথা শুনি আকৌ সেই ম্লান হাঁহিটো দি ৰাধাই ক’লে- তোমালোকে অতীতক পাহৰি গ’লা, ভালেই কৰিলা। মই কিন্তু সেই একেখিনিতে থাকি গ’লো, আগ বাঢ়িবই নোৱাৰিলো।
কিছু দেৰী মনেমনে থাকি মলয়ে ক’লে- আহো দিয়া, বহুত দেৰী হ’ল। তোমাৰ শ্ৰীমান আৰু ছোৱালীজনীৰ লগত দেখাই নহ’ল। তললৈ চাই ৰাধাই ক’লে- মোৰ ছোৱালীয়ে ওচৰতে পঢ়াবলৈ গৈছে। হায়াৰ চেকেণ্ডাৰী পৰীক্ষা পাচ কৰাৰ পিছত টকাৰ অসুবিধাৰ বাবে ওচৰৰ সৰু লৰা-ছোৱালী কেইটামানক পঢ়াবলৈ যায়। তাই অনা টকাৰেই সংসাৰখন চলাই আছো।
আৰু তোমাৰ শ্ৰীমান? মলয়ে প্ৰশ্নবোধক চাৱনিৰে তাইলৈ চোৱা দেখি তাই কৈ উঠিল-শ্ৰীমানৰ লগত খুৱ কমেই দেখা হয়। সদায় দোকান বন্ধ হোৱাৰ পাছত বন্ধু কেইটাৰ লগত তাচ খেলি, আড্ডা মাৰি থাকে। মাজে সময়ে মদো খায়। কেতিয়াবাহে ঘৰৰ কথা মনত পৰিলে আহে। তাকো আহিলে বেছি ভাগ অশান্তি কৰিয়েই সময় কটায়। সেয়ে তেওঁ ঘৰত নাথাকিলেই আমি দুটা কিছু শান্তিত থাকো। ৰাধাৰ কথাখিনি শুনি মলয়ৰ মনটো বিষাদেৰে ভৰি উঠিল। ইমান ৰাংঢালী ছোৱালীজনীয়ে আজি কি পৰিবেশ এটাত থাকিবলগীয়া হৈছে, ভাৱিয়েই তাৰ কিবা লাগিল। নিশব্দে সি চকীখনৰপৰা উঠি দুৱাৰৰ ওচৰলৈ গুচি আহিল।
মলয়ক দুৱাৰ মুখলৈ আগবঢ়াই দি ৰাধাই সুধিলে- আকৌ কেতিয়া মানে আহিবা। মলয়ে সহজ হাঁহি এটাৰে উত্তৰ দিলে- আহিম কেতিয়াবা। আহিলে তোমাৰ লগত নিশ্চয় দেখা কৰিম। হ’ব দিয়া, ইমান আন্ধাৰত তুমি ওলাই আহিব নালাগে। বৰ আন্ধাৰ বাহিৰখন। ৰাধাই মনৰ ভিতৰতে কৈ উঠিল- এই আন্ধাৰৰ মাজেৰেই মোৰ ছোৱালীজনীয়ে সদায় অহা যোৱা কৰে।
(আগলৈ)
লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক –
https://www.facebook.com/malabika123
No comments