যাত্রাৰ শেষত(৫)
কবিবোৰ কেৱল স্ৰষ্টাই নহয় দ্ৰষ্টাও। চিত্রকৰে যিবোৰ দৃশ্য চিত্রৰে প্ৰকাশ কৰিব নোৱাৰে,কবিয়ে সেইবোৰ কেইটামান শব্দৰে বৰ সুন্দৰকৈ প্ৰকাশ কৰিব পাৰে
✍ পৰিমিতা গোস্বামী
” মানুহ পৰিস্থিতিৰ দাস ” মাকে প্ৰায়ে কোৱা কথাষাৰৰ তাৎপৰ্য সি আজি ভালকৈয়ে বুজি পালে । পৰিস্থিতি চম্ভালিব পৰাকৈ মানুহ কেতিয়াবা সংযমী, কেতিয়াবা বিনয়ী, কেতিয়াবা প্ৰতিবাদীও হ’ব লাগিব । এই কথাবোৰ মাকে কেতিয়াবা কেতিয়াবা কৈ থাকে । আগতে এই কথাবোৰ একাণে শুনি একাণে উলিয়াই দিয়ে । আজিহে সি গভীৰকৈ ভাবিবলৈ লৈছে। এনেকুৱা পৰিস্থিতিতে কথাবোৰ কেৱল কথা হৈ নাথাকে কামৰ হয়। পৰিস্থিতি চম্ভলিব পৰাকৈ মনটো প্ৰস্তুত কৰি ল’লে।
ৰাতিপুৱাবলৈ বৰ বেছি সময় নাই আৰু । দূৰৈৰ পৰা কিৰিচ্ মিৰিচ্ কৈ পুৱতি চৰাইৰ মাত ৰিণিকি-ৰিণিকি ভাহি আহিছে। ম’বাইলৰ ফ’ট গেলাৰিৰ পৰা বেক কৰি ফেচবুক প্ৰফাইলটো খুলি ল’লে। মাকৰ আটাইতকৈ পচন্দৰ কাপোৰ সাজেৰে তোলা ফটো এখন দি প’ষ্ট এটা দিলে । তাত লিখিলে , ” ইমান সোনকালে এৰি যাবা বুলি ভুলটো ভৱা নাছিলোঁ মা। মোক ইমান নিঠৰুৱা কৰি কিয় এৰি গ’লা ? তুমিয়েই মোৰ মা- দেউতা সকলো আছিলা । এবাৰো নাভাবিলানে এই বিশাল পৃথিৱীখনত অকলশৰীয়াকৈ মই কেনেকৈ জীয়াই থাকিম। গ’লাই যেতিয়া যোৱাগৈ । তোমাৰ যাত্রা পথত আমনি নকৰোঁ। মাথোঁ এটাই আশা কৰিম য’তেই থাকা শান্তিত থাকা আৰু মোক আশীৰ্বাদ কৰিবা তুমি আশা কৰাৰ দৰেই মই যাতে প্ৰকৃতাৰ্থত এজন ভাল মানুহ হ’ব পাৰোঁ। ওঁম শান্তি ওঁম শান্তি ওঁম শান্তি ।” প’ষ্টটো ফেচবুকত আপল’ড কৰিলে । কপি কৰি ৱাটচ্য়েপৰ ষ্টেটাচটো আপল’ড কৰি দিলে । মাকৰ ফটোখন থৰ লাগি চাই থাকিল কিছু সময় ।
মাকে লিখা আৰু অভিনয় কৰা ” যাত্রাৰ শেষত ” নাটক খনৰ ভিডিঅ’টো আকৌ এবাৰ সম্পূৰ্ণকৈ চাই ম’বাইলটো অফ কৰি থলে । সেমেকি উঠা চকুহাল মোহাৰি মোহাৰি মনৰ ভিতৰতে তাৰ প্ৰিয় কবিজনৰ সেই কালজয়ী কবিতাৰ পংক্তিটো আওৰালে—
” মৃত্যুওটো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ
ভাস্কৰ্য । ”
কবিবোৰ কেৱল স্ৰষ্টাই নহয় দ্ৰষ্টাও। চিত্রকৰে যিবোৰ দৃশ্য চিত্রৰে প্ৰকাশ কৰিব নোৱাৰে,কবিয়ে সেইবোৰ কেইটামান শব্দৰে বৰ সুন্দৰকৈ প্ৰকাশ কৰিব পাৰে ।
ইতিমধ্যে সূৰুযে সোণালী কিৰণ চতিয়াই হাঁহি কান্দোনেৰে ভৰা এটা নতুন দিনৰ শুভাৰম্ভণি কৰিলে । আইতাকে কোঠাৰ খিৰিকীখন খুলি দিলে । খোলা খিৰিকীৰে নিৰ্মল বতাহ এচাতি সোমাই আহিল । বতাহ চাতিয়ে শীতলতাৰ লগতে বহুত কিবা কিবি কঢ়িয়াই আনিলে । বাহিৰত দুই এজন মানুহৰ গুণ গুণনি শুনি আইতাকে দুৱাৰখন খুলি বাহিৰলৈ ওলাই গ’ল। সি বাগৰটো সলাই বেৰৰ ফালে মূৰ কৰি পৰিয়েই থাকিল , আহিব লগীয়া দিনবোৰৰ কথাবোৰ ভাবি ভাবি ।
( আগলৈ )
No comments