নন্দিতা
_ ৰূপজ্যোতি ফুকন
শোকৰ ৰাগি এটা লাগি ওৰে ৰাতি
পানীবোৰ শিপাইছে চকুলৈ
মৰিঢলৰ বালিত মুখ গুজি,
পৈশাচিক কীট এটাই ৰঙাই থৈ গ'ল
ধেমাজিৰ ৰাজপথ
কাৰোবাৰ সপোন সুৰীয়া কলিজা ফালি
গছৰ পাতবোৰ হাউলি উজাইছে
বিষাদগ্ৰস্ত উপত্যকাৰ
মানুহৰ বিবৰ্ণ মুখবোৰ লেখি লেখি
ওজাগৰী আকাশে ক'লে
এইয়া উলংগ মানৱতা।
No comments