Breaking News

যাত্রাৰ শেষত (২)

 "জন্ম হ'লেই মৃত্যু অনিবাৰ্য । সেই বুলিয়েই মৃত্যুে ক্ষণ গণি গণিয়েই জীৱনটোক আগুৱাই নিব লগা হয় " 




✍পৰিমিতা গোস্বামী 


     আত্মা অবিনশ্বৰ । অমৰণ , অভগন । বিশ্বৰ সৰ্বশ্রেষ্ঠ ধৰ্মগ্ৰন্থ গীতা শাস্ত্ৰত ভগৱান শ্রীকৃষ্ণই কৈছে ,

     "ৱাসাংসি জীৰ্ণানি য়থা ৱিহায়

     নৱানি গৃহ্ণাতি নৰোহ্পৰাণি।

     তথা শৰীৰাণি ৱিহায় জীৰ্ণা-

     ন্যন্যানি সংয়াতি নয়ানি দেহী ॥"


      যেনেকৈ মানুহে পুৰণি ফটা-চিতা কাপোৰ পৰিত্যাগ কৰি আন নতুন কাপোৰ পৰিধান কৰে , তেনেকৈ জীৱাত্মাই পুৰণি শৰীৰ ত্যাগ কৰি আন এটা নতুন শৰীৰত প্ৰৱেশ কৰে ।


      চল্লিশ বছৰীয়া গাভৰু মাতৃক হেৰুওৱা সন্তানে , পঁইত্ৰিশ বছৰীয়া চফল ডেকা স্বামীক হেৰুওৱা পত্নী গৰাকীয়ে ; মাত্র ওঠৰ বছৰীয়া ল'ৰাটোক দুৰ্ঘটনাত হেৰুওৱা পিতৃ-মাতৃয়ে ভাবিব পাৰিবনে তেওঁলোকৰ মাতৃৰ, স্বামীৰ,  সন্তানৰ , শৰীৰটো পুৰণি হ'ল। ফাটি-ছিটি উৱলি যোৱা সাজযোৰৰ দৰে হ'ল। তেওঁলোকৰ আত্মাই নতুন সাজ পৰিধান কৰিবলৈ আত্মীয় স্বজনক কন্দুৱাই আঁতৰি গ'ল । মানি ল'ব পাৰিবনে ভগৱান শ্রীকৃষ্ণৰ শ্রীমুখ নিঃসৃত দিব্যবাণীষাৰ । 


     ঘৰত কোনো নথকাৰ অচিলালৈ নৰ পিশাচ কেইটাৰ কামনাৰ বলি হৈ মৃত্যু বৰণ কৰা কণমানিজনীৰ  মাতৃ-পিতৃয়ে মানি ল'ব পাৰিবনে তেওঁলোকৰ কণমানিজনীৰ শৰীৰটো পুৰণি হ'ল নতুন শৰীৰ বিচাৰি আত্মাটো ওলাই গ'ল । তাইৰ আত্মাটোৰ ভুল আছিল নিকি কন্যা শৰীৰত সোমোৱাটো । মা আহিলে কৈ দিম ৰহ তহঁতে মোৰ লগত বেয়া কাম কৰিছ বুলি কোৱা তাইৰ প্ৰতিবাদী সত্বাটোৰ ভুল। নে নৰপিশাচৰ পৈশাচিক প্ৰবৃত্তিটোৰ বাবেই  সেই আত্মাই অকালতে সাজ সলাব লগীয়া হ'ল। এইবোৰনো কেনে বাণী ভগৱানৰ ! এনেবোৰ বাণীৰ বাবেই ভগৱানো হাজাৰ জনৰ হাজাৰটা প্ৰশ্নৰ সন্মুখীন হ'ব লগীয়া নহয়নে !

       বহু বছৰ এলজেইমাৰ ৰোগত ভুগি  নিজৰ কোঠাটোতেই আবদ্ধহৈ থকা অশীতিপৰ বৃদ্ধজনৰ শৰীৰটো পুৰণি সাজযোৰৰ দৰে হোৱা নাইনে ? যিটো শৰীৰৰ সামান্য ওজন কণেই হৰিণৰ মাংসই বৈৰীৰ দৰে হয়। দিনটোৰ চৌবিশ ঘণ্টাৰ এক মুহূৰ্তও শোৱা পাটি এৰিব নোৱাৰে ।  নিজৰ বিষ্ঠাও কেতিয়াবা নিজৰেই খাদ্য হয়  । সেইটো আত্মাৰ নতুন শৰীৰৰ স্পৃহা নাই নে ?  যিটো শৰীৰ আটাইতকৈ ঘনিষ্ঠ জনৰো অশান্তিৰ কাৰণ হ'ব পাৰে । 

         দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি শয্যাশায়ী হৈ থকা  ৰোগীজনৰ আত্মাৰ সাজ সলাবৰ হোৱা নাইনে ? যিটো শৰীৰৰ ক্ষয় যোৱা অংগৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধই আটাইতকৈ আপোনজনৰো ঘৃণাৰ পাত্র হৈ পৰে । তেনে আত্মাই নতুন শৰীৰ বাচি ল'ব পৰা হোৱা নাইনে ? সঁচাকৈয়ে ধৰ্মশাস্ত্রৰ মহান বাণীবোৰ আজৰি সময়ৰ মনৰ খাদ্যহে ।

           জন্ম হ'লেই মৃত্যু অনিবাৰ্য । সেই বুলিয়েই মৃত্যুে ক্ষণ গণি গণিয়েই জীৱনটোক আগুৱাই নিব লগা হয় । মৃত্যু ভয় আগত ৰাখি জীৱনৰ কৰণিয়খিনি যন্ত্রবত কৰি যোৱা হয় । সৰুতে আইয়ে সতকাই কোৱা শুনোঁ ," হেৰৌ , মৰিম বুলি নাৰ্জিলে জিলে খাম কি ? " । 

          এই ভংগিমাৰে জীৱনটোক আগুৱাই নিব লগা হয় । ভগৱানৰো জীৱৰ প্ৰতি এনে চমৎকাৰ বিচাৰ ।


   

         ( আগলৈ )

No comments