সিংহাসন পাহাৰৰ পৰাই উৎপত্তি হৈছে দহখন নদী আৰু বহু উপনৈ
অপূৰ্ব বল্লভ গোস্বামী
লেখক , গোলাঘাট জিলাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু এগৰাকী প্ৰকৃতি প্ৰেমী।
Phone no- 9435053400
অসমৰ
প্ৰতিটো পৰ্বত-পাহাৰৰে এক তাৎপৰ্য আছে। তেনে এক পাহাৰেই হৈছে কাৰ্বি-আংলং
জিলাৰ ঐতিহাসিক সিংহাসন পাহাৰ। এই সিংহাসন পাহাৰৰ পৰাই দহখন নদীৰ উৎপত্তি
হৈছে। দহখনকৈ নদী বৈ অহা সিংহাসন পাহাৰটোৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ত
প্ৰদান কৰাটো প্ৰয়োজন যদিও বৰ্তমানেও বে-দখলৰ কৱলত পৰি পাহাৰটোৰ অস্তিত্ব
বিপন্ন হোৱা দেখা পোৱা গৈছে। সেয়েহে পাহাৰটোৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে
গুৰুত্ব প্ৰদান কৰাটো অতিকে প্ৰয়োজন হৈ পৰিছে। অক্ষাংশ
২৬°-১৫'২৯'' উত্তৰে আৰু দ্ৰাঘিমাংশ
৯৩°-২২'২৪'' পূৱে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰা
সিংহাসন পাহাৰটোৰ উচ্চতা ১৩৫৭ মিটাৰ। এই সিংহাসন পাহাৰৰ ভূ-খণ্ডই খণ্ডবামনৰ
পৰা চামেলাংছ’, হাইঠা পাহাৰ হৈ কাজিৰঙালৈকে প্ৰায় ৪০০০ বৰ্গ কিলোমিটাৰ
আগুৰি আছে। ‘কাজিৰঙা-কাৰ্বি আংলং ইন্টাকী হস্তী প্ৰকল্প’ৰ এক বৃ্হৎ অঞ্চল
সিংহাসন পাহাৰৰ অন্তৰ্গত। সিংহাসন পাহাৰৰ পৰাই লংনিত নৈ, পত্ৰাদিছা,
চেলাবৰ, সোনাৰীজান, সৰগুটি, নামবৰ, দৈগ্ৰোং, কালিয়নী, ডিফলু, কঁহৰা নামেৰে
দহখন নদী উৎপত্তিৰ লগতে এই নদীসমূহৰ পৰা বহু উপনৈ অসমৰ বিভিন্ন স্থানলৈ বৈ
গৈছে। এইনদীসমূহে অসমৰ প্ৰাকৃতিক সম্পদৰ ভৰাঁল সমৃদ্ধ কৰাৰ লগতে কৃষিখণ্ডৰ
বাবে এই নৈ সমূহ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। উল্লেখযোগ্য যে
এই দিশৰ পৰা কাৰ্বি-আংলংৰ সিংহাসন পাহাৰক হিমালয়ৰ লগত তুলনা কৰিব পাৰি।
হিমালয়ৰ পৰা যেনেদৰে নদ-নদীসমূহ
উৎপত্তি হৈছে ঠিক সেইদৰে অসমৰ ঐতিহাসিক সিংহাসন পাহাৰটো হিমালয়ৰ তুলনাত
ক্ষুদ্ৰ হ’লেও দহখনকৈ নদীৰ উৎপত্তি স্থল হোৱাটো আচৰ্য্যৰ কথা। হিমালয়ৰ
‘ভেলী অৱ ফ্লাৱাৰ’ৰ দৰে সিংহাসন পাহাৰতো এনে কিছু অঞ্চল আছে, যিসমূহক
সুগন্ধি ফুলেৰে ভৰপূৰ ‘ফুলৰ উপত্যকা’ বুলিও অভিহিত কৰিব পাৰি। ফৰকাল বতৰতো
সিংহাসন পাহাৰৰ কিছু অঞ্চলত অস্বাভাৱিকভাৱে বৃষ্টিপাত হোৱাৰ
দিশলৈ লক্ষ্য কৰিলে অঞ্চলসমূহক বৰ্ষাৰণ্যৰ লগত তুলনা কৰিব পাৰি। কিন্ত্তু
সম্প্ৰতি সিংহাসন পাহাৰত জীৱশ্ৰেস্ঠ মানুহে চলাই অহা ধ্বংসলীলাই কেৱল
জৈৱ-বৈচিত্ৰৰ ওপৰতে বিৰূপ প্ৰভাৱ পেলোৱা নাই, উল্লেখিত নদীকেইখনৰ অস্ত্বিতও
বিপদাপন্ন কৰি তুলিছে। ঐতিহাসিক সিংহাসন পাহাৰৰ পৰা উৎপত্তি হোৱা নৈসমূহৰ
সংক্ষেপ বিৱৰণ তলত দাঙি ধৰা হ’ল-
১।
লংনিত নৈঃ ডিফু মহকুমাৰ মধ্যাংশৰ পাতৰ ফাংছুৰ কাষেৰে পশ্চিমমুৱা হৈ আহি
কুপিল গাঁৱৰ মাজেৰে বৈ পাছত দক্ষিণ-পশ্চিমমুৱা হৈ প্ৰায় তিনি কিলোমিটাৰ
ভটিয়াই লংচেক পাহাৰৰ সোঁফালে অলপ বৈ ডেৰিলাংছুক বাঁওফালে লগত লৈ দক্ষিণফালে
বৈ খুণ্ডবামন লংছুত পৰে। উজনিত যমুনা হৈ লংনিত দবকা হৈ বিভিন্ন স্থানলৈ বৈ
গৈছে। নামনি অংশত এই নদীকেইখনক যমুনা নামেৰে জনাজাত।
2।
পাত্ৰাদিছাঃকাৰ্বি-আংলং জিলাৰ ডিফু মহকুমাৰ মধ্যাংশৰ চাটিমগাঁৱৰ উত্তৰদিশে
বৈছে পাত্ৰাদিছা নৈ। প্ৰথমে দক্ষিণমুৱা হৈ ৪ কিলোমিটাৰ আহি টেবং নৈৰ
বাঁওফালে লগ লাগে। এনেদৰে নৈখনে এটা সুৰংগৰ তলেদি আহি সৰুপাত্ৰাদিছা নৈৰ লগ
লাগে। নৈখনে অসংখ্য পাহাৰীয়া জানজুৰিক লগত লৈ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ
চিকাৰীঘাটৰ দক্ষিনাংশ হৈ যমুনাৰ সোঁফালে পৰিছে। এই নৈখনে হাওৰাঘাট আৰু
ডিফু থানাৰ মাজৰ সীমান্তত সৰগুৰিত পৰে।
৩।
চেলাবৰ নৈঃচেলাবৰ নৈখনক দংকেহাই বুলিও কোৱা হয়। এই নৈখন চাটিম গাঁও হৈ
ওলাই পশ্চিম দিশে চৰমেন গাঁৱৰ দক্ষিণ-পশ্চিমমুৱা হৈ চেলাবৰ সংৰক্ষিত
বনাঞ্চলৰ মাজেদি বৈ আহি উত্তৰ দিশে চিপ্পিল নৈ, লাংছুমিপই নৈ, বিছ্নাখ নৈ
আৰু পাকলাংছুমিপি, লংহাৰা জানক লগত লৈ সৰগুটিত পৰে।
৪।
সোণাৰীজানঃ সোণাৰিজান এখন সৰু নৈ। এই নৈখনৰ উজনি অংশক গৰখীয়া জান বুলিও
কয়। গৰখীয়া নাম লৈ লেৰুৱামুখৰ দক্ষিণ-পূৱৰ গাঁৱহৈ নৈখন অলপ দূৰ উজাই গৈয়ে
সোণাৰীজান নাম লৈ বৈ আহি শালমাৰী বিলত পৰে। এই নৈখন পশ্চিম দিশলৈ বৈ গৈ
ধুমকুৰাজানত লেতেৰী সূঁতিত মিলিছে।
৫।
সৰগুটি নৈঃ সৰগুটি নৈখন ডিফু মহকুমাৰ মধ্য অংশৰ ছাইগাঁৱৰ দিশৰ পশ্চিমফালে
বৈ আহি কাটক লাংছুৰ সোঁফালে লগ হৈ দক্ষিণ-পশ্চিমমুৱা হৈ বৈ আহিছে। এনেদৰে
আহি চিৰি লাংছু আৰু চিন
নৈৰ
লগ হৈ সৰু গুটি চাৰমেন গাঁও হৈ বৈ আহে। এনেকৈ লাংকা লাংলাংছুৰ লগ হৈ
ভৈয়ামলৈ বৈ আহি দুভাগত বিভক্ত হয়। পশ্চিমমুৱা হৈ বৈ অহা অংশক সৰু সৰগুটি
আৰু দক্ষিণমুৱা হৈ বৈ অহা অংশক মাদুলি নৈ বুলি কোৱা হয়।
৬।
নামবৰ নৈঃ নামবৰ নৈখন কাৰ্বি-আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত নামবৰ
গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য আৰু নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ
মাজেৰে বৈ আহিছে। এই নদীৰ পাৰতেই বৰপুং, গেলিপুং, গৰম পানী উঁহৰ অৱস্থিত।
নৈখনে উত্তৰ-পূৱ দিশে ছপানজুং টিঙৰ দক্ষিণেদি আহি তিৰিখেং গাঁৱত থকা এটা ২৫
মিটাৰ উচ্চতাৰ ফটাশিল জলপ্ৰপাত পাৰ হৈ আহিছে। নামবৰ নদী
বৰজানক লগত লৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ধনশিৰিত মিলিত হৈছে।
৭।
দৈগ্ৰোং নৈঃ দৈগ্ৰোং নৈখনৰ দৈৰ্ঘ্য প্ৰায় ৬৪ কিলোমিটাৰ। কাৰ্বি-আংলং জিলাৰ
উত্তৰ-পূৱ দিশৰ এই নৈখন পূৱ দিশত প্ৰায় ১৫ কিলোমিটাৰ আহি ৰিকা নৈত মিলিত
হৈছেহি। নৈখন উত্তৰ-পূৱ দিশে হেহাই গাঁৱৰ কাষেদি প্ৰায় ৩ কিলোমিটাৰ আহি
ৰেংদাং নৈৰ লগ হৈ দৈগ্ৰোং নদীৰ নাম লয়। তাৰ পৰা ক্ৰমান্বয়ে আহি বালিজান,
কাছমাৰীজান, হেমাইজান, বৰচাপৰিজান হৈ বৈ আহি নামবৰ হাবিৰ ওপৰেদি উত্তৰ-পূৱ
দিশেদি বৈ গৈছে।
৮।
কালিয়নী নৈঃ কালিয়নী নদীৰ দৈৰ্ঘ্য প্ৰায় ১১০ কিলোমিটাৰ। নৈখন পাহাৰৰ
কয়লাস্তৰৰ মাজেৰে বৈ অহাৰ ফলতপানীৰ বৰণ ক’লা হোৱাৰ বাবেই নৈখনৰ নাম
‘কালিয়নী’ হোৱা বুলি বিভিন্নজনে মতপোষন কৰিছে। কাৰ্বিসকলে কলিয়নী নৈখনক
ফংলাংচু নামেৰে নামাকৰণ কৰিছে। ফংলাংছু নৈখন বৰপুঙত মিলিত হোৱাৰ পৰাই
কালিয়নী নাম লয়। তাৰপৰা প্ৰায় ১.৫ কিলোমিটাৰ আহি কাণীলাংছুত লগত লৈ বৈ আহি
তাৰাংপুংনৈৰ বাওফালে মিলিত হয়। কালিয়নী নদীৰ প্ৰধান উপনৈসমূহ হ’ল- নিহাং
লাচুং নৈ, লাংকাটাং নৈ, বৰপুং নৈ, তাৰাপুং নৈ, জাংহানৰি নৈ, দেউৰী নৈ আৰু
ৰাংছালী নৈ।
৯।
ডিফলু নৈঃ ডিফলু নৈ খন কাৰ্বি-আংলং জিলাৰ উত্তৰ দিশেদি ওলাই আহি গোলাঘাট
জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ব্ৰহ্মপুত্ৰত পৰিছে। এই নদীখনে
পূৱদিশে আহি চাবজুৰিৰ লগত লগ হৈ পুৰুলাংছুৰ সোঁফালে লগ লাগিছে, ইয়াৰ পিছত
নৈখনে সৰু ডিফলু, থেদং, দেধৰা আাদি নৈৰ লগত মিলিত হৈ কাজিৰঙাৰ মাজেৰে প্ৰায়
২ কিলোমিটাৰ উত্তৰ দিশে বৈ আহি নদীখন পশ্চিমুৱা হয়।
১০।
কঁহৰাঃ এই নৈখন কাজিৰঙাৰ মাজেৰে বৈ আহিছে। কাজিৰঙা বিলত পাহাৰৰ পৰা অহা
এখন জান আৰু কঁহৰা জান মিলি কঁহৰা নৈৰ লগত একেলগে প্ৰায় ২ কিলোমিটাৰ ভটিয়াই
মিলি বিলৰ লগত সংযোগ হৈ ৰঙাজানত পৰিছে। ইয়াৰ পাছত খাগৰি বিল, দৰ্জা বিল,
বৰ বিলৰ কাষেদি বৈ আহি হাতীখুলি চাহ বাগিচাৰেদি শিঙিমাৰী নৈত পৰিছেহি।
নৈখনে পাহাৰৰ পৰা অহা বৰ দিহিং নৈৰ লগত বাগৰি অঞ্চলত লগ হৈ মৰা ডিফলুৰ লগ
মিলি নগাঁও জিলাৰ মাজেৰে বৈ গৈছে। উল্লেখ্য যে সিংহাসন পাহাৰত কোনো হ্ৰদ
নাই যদিও কেনেকৈ ইমান সংখ্যক নদীৰ উৎপত্তি হৈছে তাক লৈ এতিয়াও কোনো গৱেষণা
কৰা হোৱা নাই। সেই দিশৰ পৰা চালে সিংহাসন পাহাৰৰ ডাঠ অটব্য-অৰণ্য, গছ-গছনিৰ
পৰাই বৃ্হৎ জলভাণ্ডাৰ সৃষ্টি হৈছে বুলি অনুমান কৰিব পাৰি। যাৰফলত উল্লিখিত
দহখন নদী উৎপত্তি হৈ ভৈয়ামলৈ বৈ আহিছে। কিন্ত্তু, এনে গভীৰ অৰণ্য অঞ্চলত
থকা মূল্যবান গছ-গছনিৰ ওপৰটো বৰ্তমান মানৱ জাতিৰ লোলোপ দৃষ্টি পৰা
পৰিলক্ষিত হৈছে। যাৰ ফলত সিংহাসন পাহাৰৰ পূৰ্বৰ প্ৰাকৃতিক সৌন্দৰ্য নাইকিয়া
হোৱাৰ উপক্ৰম ঘটিছে। সিংহাসন পাহাৰৰ গুৰুত্ব অনুধাৱন কৰি ইয়াৰ
জৈৱ-বৈচিত্ৰৰ প্ৰতি ইংৰাজ সকলো আকৃষ্ট হৈছিল। ১৯৪০ চনত ব্ৰিটিছ আয়ুক্ত জিজি
শ্বোৱেল, সেই সময়ৰ অবিভক্ত শিৱসাগৰ জিলাৰ উপায়ুক্ত সিদ্ধেশ্বৰ গোঁহাই,
গোলাঘাটৰ মহকুমাধিপতিসহিতে এটা দল গৈ সিংহাসন পাহাৰৰ শিখৰত উপস্থিত হৈ সৌধ
নিৰ্মাণ কৰিছিল। যাৰ অস্তিত্ব এতিয়াও পাহাৰটোত বিৰাজমান। দ্বিতীয়
বিশ্বযুদ্ধৰ সময়ত এখন উৰাজাহাজ দুৰ্ঘটনাগ্ৰস্ত হৈ সিংহাসন পাহাৰত পৰাত সেই
উৰাজাহাজখনৰ সন্ধানত এটা অস্থায়ী ‘এয়াৰপ’ৰ্ট’ নিৰ্মাণ কৰিছিল বুলি জনা যায়
আৰু উক্ত দুৰ্ঘটনাগ্ৰস্ত উৰাজাহাজৰ ভগ্নাৱশেষ আজিও দেখিবলৈ পোৱা যায়। উক্ত
উৰাজাহাজৰ কিছু অংশ সিংহাসন পাহাৰৰ পৰা আনি প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ
ৰাভা আৰু বনাঞ্চলিক বিষয়া ৰঞ্জন বৰুৱাই ডিফুৰ ৰিক্ৰিয়েশ্বন পাৰ্কত
দৰ্শনাৰ্থীৰ বাবে সংৰক্ষণ কৰি ৰাখিছে। সিংহাসন পাহাৰত লুকাই আছে বহু ৰহস্য।
একবিংশ শতিকাত ভৰি দিয়াৰ পাছটো সিংহাসন পাহাৰৰ বহু ৰহস্য ভেদ কৰিবলৈ
এতিয়াও সক্ষম হোৱা নাই। সিংহাসন পাহাৰত অদৃশ্যমান গাঁও থকাৰো লোকবিশ্বাস
আছে। আশ্বৰ্যকৰ কথা যে সিংহাসন পাহাৰৰ এক দূৰ্গম অঞ্চলত ৰংবিন নামৰ এখন
অলৌকিক গাঁও আছে। উক্ত অদৃশ্য গাঁওখনত কিছুলোকে জীৱন নিৰ্বাহ কৰি আছে যদিও
গাঁওখন আজিলৈকে কোনেও দেখা পোৱা নাই। বহুতে ক’ব বিচাৰে ৰংবিন নামৰ গাঁওখন
এক কাল্পনিক সীমাৰেখাৰ ভিতৰত সোমাই থকাৰ বাবে লোকচক্ষুত অদৃশ্য হৈ থাকে।
কিছুলোকে ৰংবিন গাঁওখন গুহাৰ ভিতৰতে থকা বুলি ক’ব বিচাৰে। সেয়েহে সিংহাসন
অঞ্চলৰ লোকে ৰংবিন গাঁওখনক অদৃশ্য মানুহৰ গাঁও বুলি কয়। আহোমৰ দিনত মানৰ
আক্ৰমণৰ সময়ত মানৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ কাৰ্বিসকলে ইষ্ট দেৱতাক
প্ৰাৰ্থনা কৰোতে উক্ত গাঁওখন সৃষ্টি হৈ তেওঁলোক ৰক্ষা পৰিছিল বুলি কাৰ্বি
সকলৰ মাজত লোকবিশ্বাস আছে। সিংহাসন পাহাৰত বন মানুহে বসতি কৰে বুলিও
বিভিন্নজনে ক’ব বিচাৰে। বিশিষ্ট প্ৰকৃতিবিদ ড° আনোৱাৰউদ্দিন চৌধুৰীয়ে
কেংলেংপ’ নামৰ এক বৃ্হৎ মানৱ সদৃশ প্ৰাণী সিংহাসন পাহাৰত আছে বুলি জানিব
পাৰি পাহাৰটোত প্ৰাণীবিধৰ সন্ধানত এক অভিজান চলাইছিল। সিংহাসন পাহাৰৰ
নামনিত চামেলাংচ, লাংলোচক’, বৰপুং, তাৰাপুং আদি অঞ্চলত কাৰ্বিসকলৰ লগতে
কুকি জনগোস্ঠীৰ লোকেও বসবাস কৰি আহিছে। স্থানীয় লোকে এই পাহাৰটোক ‘সিংহাচন’
পাহাৰ বুলি কয়। সিংহাসন পাহাৰৰ গাঁওসমূহৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী
সংগঠণৰ বিচৰণ থলী হিচাপে চিহ্নিত হৈছে। উল্লেখ্য যে সিংহাসন পাহাৰ বে-দখল
কৰি বহু লোকে ঝুম, আদা, আদি কৃষিকাৰ্য কৰিবলৈ লোৱাৰ ফলত পাহাৰটোলৈ ভাবুকি
কঢ়িয়াই আনিছে। কাৰ্বি আংলং জিলাৰ বনবিভাগে সিংহাসন পাহাৰত আজি পৰ্যন্ত
সম্পূৰ্ণকৈ জৰীপ কাৰ্য চলাবলৈ সক্ষম হোৱা নাই। ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ
মাঞ্জাৰ পৰা ৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত লুঙ্গিৰ পৰাই সিংহাসন পাহাৰৰ
পাদদেশ। ২০১২ চনৰ ২৭ ফেব্ৰুৱাৰীত কাৰ্বি-আংলং জিলাৰ বন বিষয়া অভিজিৎ কুমাৰ
ৰাভা, বনাঞ্চলিক বিষয়া ৰঞ্জন বৰুৱাসহ বনবিভাগৰ এটা দলে সিংহাসন পাহাৰত জৰীপ
চলাইছিল। বন বিভাগৰ দলটোৰ লগত ‘ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া’ৰ দুগৰাকী
জাপানী নাগৰিকো আছিল। দুৰ্ভাগ্যজনকভাৱে দলটোৱে জৰীপ চলাই উভটি আহোঁতে বন
বিষয়া আৰু বনাঞ্চলিক বিষয়া দুগৰাকীক ৩ মাৰ্চত কাৰ্বি উগ্ৰপন্থী
কে.পি.এল.টিয়ে অপহৰণ কৰে যদিও দৈৱক্ৰমে ‘ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া’ৰ
জাপানী লোক দুজন ৰক্ষা পৰে। উগ্ৰপন্থীৰ এনে বাধা প্ৰদানৰ বাবেই সিংহাসনৰ
বুকুৰ ৰহস্য
উক্ত জৰীপত উন্মোচিত হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত সিংহাসন পাহাৰৰ সংৰক্ষণৰ
ক্ষেত্ৰত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল। যাৰ ফলত সিংহাসন
পাহাৰত আজিও অব্যাহত আছে ব্যাপক বে-দখল। সিংহাসন পাহাৰৰ গন্ধি কচু, ধূনা,
বেত, ওদাল, কৰপুৰ, অৰ্কিড, বাঁহজাতীয় আদি বনজ সম্পদৰ লুন্ঠন অব্যাহত আছে।
সিংহাসন পাহাৰত থকা হাতী, বাঘ, পহু, ৰাম ছাগলী, হলৌ বান্দৰ, ৰাজ
ধনেশপক্ষী আদি কৰি বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণী অস্তিত্ব বিপন্ন হৈ পৰিছে।
অসমৰ প্ৰতিটো পাহাৰৰে গুৰুত্ব আছে যদিও চৰকাৰে আজিলৈকে পাহাৰসমূহ সংৰক্ষণত
গুৰুত্ব প্ৰদান নকৰাত বহু নদ-নদী আজি বিলুপ্তিৰ পথত। সিংহাসন পাহাৰৰ জৈৱ
বৈচিত্ৰতা তথা নদীৰ উৎপত্তিস্থলসমূহ বিপদাপন্ন হৈ পৰিছে যদিও কাৰ্বি-আংলং
স্বায়ত্বশাসিত জিলা পৰিষদ, অসম চৰকাৰ আৰু কেন্দ্ৰীয় পৰিৱেশ আৰু বন
মন্ত্ৰালয়ে সংৰক্ষণৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।
No comments