পৰম অক্ষৰ , পাপৰি শইকীয়া বৰা
পাপৰি শইকীয়া বৰা ।
তুমি অনুভৱৰ দুৱাৰ মেলি দিলা ---
জাকি মাৰি উৰি আহিল সুগন্ধি পখিলা !
যেন অবতৰতে নামি আহিল বহাগ !
শীৰ্ণ নদীত উপচি পৰিল বান !
অ' প্ৰিয়তম কবি
কাৰ বুকুৰ জোনাকত গাধুই তোমাৰ কলমেৰে মুকুতা সৰে !
জোনাকত পোখামেলা গছৰ দৰে
বুকুৱে বুকুৱে বগাই যায় সুগন্ধি শব্দ !
তোমাৰ চেতনাত ঝংকাৰিত হয় আমাৰ অলিখিত গানবোৰ !
নিমজ স্বৰলিপিত বিচাৰি পাওঁ জীৱনৰ স্বৰগম !
তোমাৰ কবিতাই জানে প্ৰেম আৰু বিষাদৰ গান
জানে ধুমুহাৰ গান !
জানে মাটিৰ মানুহৰ প্ৰাণ!
অ' প্ৰিয়তম কবি !
তোমাৰ কবিতা শব্দৰ বিলাস নহয় ।
এয়া দেশৰ কন্ঠ -- এক নিঃশব্দ কলৰৱ
আমাৰ চেতনাৰ চিৰন্তণ বৈভৱ !!!
(হীৰেন ভট্টাচাৰ্যদেৱৰ ওপজা দিনত কবিজনক সুঁৱৰি )
No comments