জম্বিৰ আতংক (দ্বিতীয় খণ্ড)
"ই কি? দেউতাকৰো মুখখন বেকা হৈ আছে, চকুৰ দৃষ্টিত মৃত্যুৰ শীতলতা। সি অনুভৱ কৰিলে তাৰ আগে পাছে দুয়োপিনে মৃত্যুৰ আহ্বান"
মালবিকা শৰ্মা, ভুবনেশ্বৰ
গোটেই চহৰখনতে আচৰিত ধৰনৰ নিস্তব্ধতা। প্ৰাণপূৰ্ণ চহৰখন হঠাতে যেন শান্ত হৈ পৰিছে। ৰাস্তা-ঘাট, দোকান-পাহাৰ সকলোবোৰ জনশূন্য। সকলোৱে কাম-কাজ এৰি নিজৰ নিজৰ ঘৰৰ দৰজা-খিৰিকি বন্ধ কৰি আসন্ন মৃত্যুৰ ভয়ত ভিতৰত সোমাই আছে।
প্ৰশাসনৰ তৎপৰতাত পুলিচ কৰ্মীবোৰৰ কাম বহুত বাঢ়ি গৈছে। যিকোনো সম্ভাৱনীয় আতংকৰ সৈতে সাহসেৰে মোকাবলা কৰিবলৈ তেওঁলোকে নিজকে সাজু কৰি লৈছে। চহৰবাসীৰ সাহায্যৰ বাবে ৰাস্তাৰ মুৰে মুৰে দুই তিনিজনকৈ পুলিচকৰ্মী নিযুক্ত কৰা হৈছে। ইপিনে ঘৰৰ ভিতৰত সোমাই থকা আতংকিত মানুহখিনিৰ সময়বোৰ পাৰ নোহোৱাৰ দৰে অনুভৱ হৈছে।
চহৰৰ একেবাৰে মাজভাগত অৱস্থিত প্ৰকাণ্ড ঘৰটোৰ মালিক হ’ল মিষ্টাৰ স্মিথ। কিছু বছৰ আগতে প্ৰিয় পত্নীৰ বেমাৰত মৃত্যু হোৱাত এক ধৰনৰ উদাসীন জীৱন এটা যাপন কৰি আছে তেওঁ। ক’বলৈ গ’লে দিনে ৰাতিয়ে নিজৰ ব্যক্তিগত লাইব্ৰেৰীটোত কিতাববোৰৰ মাজত সোমাই থাকে তেওঁ। মাতৃহীন একমাত্ৰ পুতেক জেমস বাপেকৰো স্নেহৰ পৰা বঞ্চিত হৈ নিজৰ ৰুমতে বন্ধুবৰ্গৰ লগত নেশাজাতীয় দ্ৰব্য সেৱন কৰাতে ব্যস্ত হৈ থাকে।
আজিও চহৰৰ বিভীষিকাৰ বিষয়ে দুৰদৰ্শনত অবিৰত ভাৱে সাৱধান কৰি থকা দেখিলেও কোনো চিন্তা নোহোৱাকৈ নিজৰ ৰুমত বন্ধু এজনৰ সৈতে নেশা সেৱন কৰি বাগৰি আছে। মাজৰাতি দুটামান বাজিছে, এনেতে কাষতে হৈ থকা অদ্ভুত কিছুমান শব্দত সি চকু মেলি চাৰিওপিনে চাবলৈ চেষ্টা কৰিলে। দেখিলে বৰ অদ্ভুত ধৰনৰ মানুহ এটাই তাৰ বন্ধুজনক কামুৰি আছে। জেমসে নেশাৰ জালতে কি হৈছে ভালদৰে বুজি নাপাই আকৌ শুই থাকিল। পুৱাৰাতি টোপনি ভঙাত সি উঠি দেখিলে কাষত বন্ধুজন নাই আৰু গোটেই বিচনাখন ৰক্তাক্ত হৈ আছে। মাজৰাতিৰ কথাবোৰ মনলৈ অহাত সি ভয়তে বিতত হৈ ৰাস্তালৈ ওলাই আহি পগলাৰ দৰে চিঞৰিবলৈ ধৰাত কিছু সময়ৰ মুৰত কাষৰ ঘৰৰ মানুহজনে দৰজাখন খুলি তাক ভিতৰলৈ মাতে। সি দৌৰি গৈ সোমাব ধৰোতে পিছৰপৰা দেউতাকেও তাৰ নাম কাঢ়ি দৌৰি আহি তাৰ কাষ পায়। দেউতাককো ভিতৰলৈ নিবলৈ অনুৰোধ কৰাৰ সময়ত সি মন কৰিলে দুৱাৰ খুলি দিয়া মানুহজনৰ মুখখন স্বাভাৱিক নহয়, চকু দুটাও হিম শীতল। আতংকিত হৈ সি দেউতাকক আহিবলৈ মানা কৰিবলৈ খোজে মানে দেউতাক একেবাৰে কাষ আহি পাইছে। ই কি? দেউতাকৰো মুখখন বেকা হৈ আছে, চকুৰ দৃষ্টিত মৃত্যুৰ শীতলতা। সি অনুভৱ কৰিলে তাৰ আগে পাছে দুয়োপিনে মৃত্যুৰ আহ্বান। মৃত মাকৰ মৰমীয়াল মুখখন মনত পেলাই আৰু পলাবলৈ চেষ্টা নকৰি সি জোৰকৈ চকুদুটা মুদি দিলে।
No comments